পৃষ্ঠা:হেমকোষ.pdf/৭৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰি, মা, স. শ. (যাং, মা, মা ৰুম, cator 971 Ftú, pardon. মাফ কৰু, ক্ষমা কৰ, to forgive, মাফ %ি প্ৰাপ্য ধন এৰ, to remit, as a clebt. মাম, স, শ. লোৰ মল, the rust of iron. মামী, স. শ. (বৎ. মামড়ী; ঘাৰ শুকান চোকোৰা) গাৰ মাখি-ছাল ছিগি যোৱা এবিধ ৰোগ, এবিধ খৰ, a kind of ringworm. . মামৈ-লমোব, স. শ. এবিধ সৰু বন মোল, গেৰেওৱা কামোল; তাৰ গছ, a species of wild nut and its tree. মায়া, স. শ. (সং. মায়া-মা, পৰিমাণ কৰু; ইয়াৰ দ্বাৰা মানুহৰ জ্ঞানৰ পৰিমাণ হয়, এতেকে) প্ৰতাৰণা, ছলনা; চকুৰ ভ্ৰম জম্মব পৰা গুণ বা শক্তি; যেনে, “মায়া কৰি হৰি ভৈল অন্তৰ্ধান,” সৃষ্টিকৰ্তাৰ সেই ছলনা, যাৰ দ্বাৰা মানুহবিলাক ভোল গৈ এই সংসাৰক নিত্য যেন ভাবি তাতে বন্ধ হৈছে; যেনে, “যত দেখা ধন-জন আৰু পুত্ৰ, জায়া। শাশ্বত নহয় কিছু, সবে বিষ্ণু-মায়া!” সেই মায়াৰ পৰা হোৱা ভ্ৰম, এতেকে মম, স্নেহ, মমত; যেনে, সন্তানৰ মায়া of curata, trick, ileceit, worldly illusion, affection, compassion, মায়া-জাল, স. শ. (সং, মায়াজাল-মায়া, ছলনা + জাল, এবিধ ফান্দ) প্ৰতাৰণা বা ফাকি জাল; এই মিছা সংসাৰ সঁচা এনে ভ্ৰম জন্মৰ পৰা হোৱা বন্ধন, deceit, the worldly illusion which misleads mankind. মায়াময়, বি. ফাফিৰূপ, এটাত আন | এটা যেন বোধ জোৱ, illusive. মায়াবী, বি. (সং. মায়াৰি-মায়া ৱি, প্ৰত্য.) মায়াত পাৰ্গত, চকুৰ ভাস্তি জখোন, অদৃশ্য হোৱা, deceiving by false show. (শ্ৰী) মায়াবিনী। মাৰ, স. বা. (সং মাৰণ, মৰ; হিং মামা; ২. মাৰণ, বধ কৰা) বধ কৰ, প্ৰাণ ল; যেনে, পহু মাৰে; আঘাত বা প্ৰহাৰ ক; যেনে, মাৰ মাৰে, কিল মাৰে; টঙ্গনিয়া, কিলা; যেনে, গৃহস্থে চোৰক মাৰে; এছাৰিৰে কোব; যেনে, অধ্যা- পকে ছাতক মাৰে; নিক্ষেপ ক, বলেৰে দূৰৈলৈ পেলা; যেনে, দলি মাৰে, আছাৰ মাৰে; অস্ত্ৰ চলা; যেনে, হিলৈ মাৰে, কড় মাৰে; কোৰ আদি বাৱহাৰ কৰু; যেনে, কোৰ মাৰে, কুঠাৰ মাৰে, বঠা মাৰে, বন্ধ ক; যেনে, বাট মাৰে; জপা; যেনে, দুৱাৰ মাৰে; ঠাৰে চলা; যেনে, নাও মাৰে; পেট পূৰাই খা (নিন্দাখত); যেনে, জৰত কেঁকাই থাকে, তেও দুয়ো বেলা ভাত মাৰে, টঙ্গনিয়াই সুমা বা পোত্; যেনে, গজাল মাৰে, খুঁটি মাৰে; মুখেৰে উচ্চ শব্দ ক; যেনে, ৰিং মাৰে; কাহ মাৰে, টান বস্তুৰে ঘঁহি মিলা; যেনে, দৰ মাৰে; পক কৰি আঞ্জাত দি (তেল বা বিউত খাটে); যেনে, তেল মৰা আঙ্গা; গছৰ পৰা গুটি শস্য বেলেগ; যেনে, ধান মাৰে; সেঁতৰ দৰে বা লালীকৈ চলা { বতাহত খাটে); যেনে, বতাহ বা ধুমুহা মাৰে। ইয়াৰ কৰ্ত্তা বায়ু লুকাই থাকে); এজনে আন এজনক দিব লগা ধন বা বস্তু সেই জনৰ পৰা পাব লগীয়া ধন বা বস্তুৰ বাবে ৰাথ; যেনে, ৰামে কৃষ্ণক দিব লগীয়া ধন কৃষ্ণই আৰিত হৰা ধনত মাৰিলে বা মাৰি ললে, to kill, to strike, to beat, to whip, to throw with force, to shoot or fire, to wield as a hoe, &c., to shut, to propel hy an oar, to eat or drink one's fill (in ridicule), to drive, as i nail, &c., to utter aloud, as a sound), to mix by grinding, to season with leated ghee or oil, to thrash or separate from tho straw, to blow, as wind), to set off or place against, as an equiva- lent. স. শ. প্ৰহাৰ, আঘাত; মৃত্যু, নাশ; যেনে, সাৱধানৰ মাৰ নাই; একে