এই আঠ দিশ, the eight points of the compass.
অষ্টধাতু, স.শ. (সং. অষ্টধাতু — অষ্ট, আঠ + ধাতু, সোণ ৰূপ-আদি ) আঠ বিধ প্রধান ধাতু; যেনে, সোণ, ৰূপ, তাম, ৰাং, সীহ, পিতল, লো, আৰু তীখা, the eight principal metals (gold, silver, copper, tin, lead, brass, iron and steel), taken collectively.
অষ্টম্, সংখ্যা (সং. অষ্টম- অষ্ট, আঠ) আঠ-সংখ্যা-পূৰক, আঠ ভাগৰ এভাগ, eighth, (স্ত্রী) অষ্টমী।
অষ্টমী, স.শ. শুক্ল বা কৃষ্ণ পক্ষৰ অষ্টম তিথি, the eighth lunar day, দশমী শব্দৰ তলৰ চূর্ণিকা চোৱাঁ।
অষ্টবসু, স.শ. (সং. অষ্টবসু - অষ্ট, আঠ + বসু, দেৱ বিশেষ) আঠ জনা দেৱতাৰ এক গণ; যেনে, ধৱ, ধ্ৰুৱ, সোম, বিষ্ণু, অনিল, অনল, প্রভুশ, প্রভাৱ, a class of eight demi-gods.
অষ্টাঙ্গ-প্রণাম, স.শ. (সং. অষ্টাঙ্গ-প্রণাম, দণ্ডৱত --অষ্ট, আঠ + অঙ্গ, গাৰ অংশ + প্ৰণাম, মূৰ দোৱাঁই কৰা সন্মান) গাৰ আঠ ভাগ (অর্থাৎ দুই হাত, দুই ভৰি, দুই আঁঠু, বুকু আৰু কপাল) মাটিত লগাই কৰা সেৱা বা দণ্ডৱত, a profound veneration paid by touching the ground with the eight parts of the body, viz., the two hands, two feet, two knees, the breast, and the forehead.
অষ্টাদশ্, সংখ্যা (সং. অষ্টাদশ, অঠৰ- অষ্ট, আঠ + দশ, দহ) অঠৰ, eighteen.
অষ্ঠীলা, স.শ. (সং. অষ্ঠীলা-গোটমাৰি গুটিৰ নিচিনা হোৱা বিষ্ঠা -- অস্থি, হাড় + তুল্য) তল-পেটত মল গোটখাই হোৱা সৰু গুটি, গুটিৰ নিচিনা হৈ বাজ হোৱা বিষ্ঠা, feces voided in small compact, globular masses.
অস্, ভা. অব্য. বেজাৰ বা দুখ বুজোৱা মাত, alas, alas, alas!
অসংখ্যাত্, বি. (সং. অসঙ্খ্য়, অলেখ) অলেখ, বহুত, বিস্তৰ, innumerable.
অসংযোগী, বি. (অং.) সংযুক্ত নোহোৱা, আন ব্যঞ্জনৰ লগ-নলগা। যেনে, অসংযোগী আখৰ, not joined with another consonant.
অসংলগ্ন, বি. (সং. অসংলগ্ন, সংলগ্ন নোহোৱা -- অ, নহয় + সংলগ্ন, লগলগা) লগ-নলগা, পৃথকে থকা; সম্পর্ক-নথকা, অসঙ্গত; যেনে, অসংলগ্ন কথা কোৱা অনুচিত, unconnected, separate; having no concern with; irrelevant; inconsistent.
অসংস্কৃত্, কৃদ. বি. (সং. অসংস্কৃত, সংস্কাৰ নকৰা — অ, নহয় + সংস্কৃত, পবিত্ৰ কৰা) সংস্কৃত বা পবিত্ৰ কৰা নোহোৱা, not consecrated.
অসঙ্খ্য়, বি. (সং. অসংখ্য, সংখ্যাহীন - অ, নাই + সংখ্যা, লেখ) অলেখ, বহুত, innumerable, “অসংখ্য” এনেও হয়।
অসঙ্গত্, বি. (সং. অসঙ্গত, সঙ্গত নোহোৱা -- অ, নহয় + সঙ্গত, মিল) সঙ্গত নোহোৱা, অমিল, inconsistent.
অসঙ্গতি, স.শ. (সং. অসঙ্গতি, সু উপায়ৰ অভাৱ --অ, নাই + সঙ্গতি, যোগ্য) মিলৰ অভাৱ ; আচল, সু উপায়ৰ অভাৱ, incongruity; absence of suitable means.
অসজ্, বি. (অং. অ, নহয় + সজ, ভাল) বেয়া, বিষম, bad, vile.
অসঞ্চাৰ্, স.শ. (সং. অ, নাই + সঞ্চাৰ, গতি) কেতিয়াও গতি নকৰা বা নহা; যেনে, আজি-কালি অমুকৰ অসঞ্চাৰ; অভাৱ; যেনে, ইয়াত এই বস্তুৰ অসঞ্চাৰ, want of intercourse; want.
অসঞ্জাত্, স.শ. (অং. অ, নাই + সঞ্জাত, বিশ্বাস) অবিশ্বাস, বিশ্বাসৰ অভাৱ, distrust, disbelief.
অসঞ্জাতী, বি. (অং.) অবিশ্বাসী, বিশ্বাসৰ অযোগ্য; যি বিশ্বাস নকৰে, বিশ্বাস নকৰা, untrustworthy; incredible.