পৃষ্ঠা:হেমকোষ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অভিপ্রায়
অভুক্ত
৩৭

অভিপ্ৰায়, স.শ. (সং. অভিপ্ৰায়, মনৰ ভাব -- অভি, উপস. + প্ৰি, সন্তোষ দি) মনৰ ভাব, ইচ্ছা; অৰ্থ, intention, purpose; meaning.

অভিপ্ৰেত্, কৃদ. বি. (সং.) ইচ্ছাকৃত, মনেৰে ভবা; বুজাব খোজা, intended; meant.

অভিবাদন্, কৃদ.স. (সং. অভিৱাদন, প্ৰণাম -- অভি, উপস. + ৱদ্, ক) প্ৰণাম, নমস্কাৰ, respectful salutation.

অভিভূত্, কৃদ. বি. (সং. অভিভূত, পৰাস্ত -- অভি, উপস. + ভূ, হ) পৰাস্ত, বশীভূত, পীড়িত, overcome, subdued; injured.

অভিমত্, স.শ. (সং. অভিমত, বাঞ্ছা -- অভি, উপস. + মত, বাঞ্ছা) বাঞ্ছা, ইচ্ছা; যেনে, ডাঙ্গৰীয়াৰ অভিমত নহলে এই কাম হব নোৱাৰে, wish, desire.

অভিমান্, স.শ. (সং. অভিমান, গপ -- অভি, উপস. + মন্, জান্) আপোনাক বৰ বুলি মানন, অহঙ্কাৰ, গপ; ৰোঁহ, ঠেঁহ, pride, haughtiness, the sullen resentment of an affront, etc., a fact.

অভিমানী, বি. (সং. অভিমানিন্, অহঙ্কাৰী -- অভিমান, অহঙ্কাৰ) অহঙ্কাৰী, গপাল, proud, arrogant. স.শ. অহঙ্কাৰী মানুহ, a proud person.

অভিযুক্ত, কৃদ. বি. (সং. অভিযুক্ত, দোষাৰোপিত -- অভি, উপস. + যুজ্, যোগকৰ্) জগৰত পৰা, দোষ আৰোপিত হোৱা, যাৰ কোনো দোষ ধৰা গৈছে, accused.

অভিযোগ, স.শ.(সং.) জগৰ ধৰা কাৰ্য্য, জগৰৰ অপবাদ, দোষৰ আৰোপ, an accusation, a charge.

অভিৰুচি, স.শ. (সং. অভিৰুচি, ভাল পাওন -- অভি, উপস. + ৰুচি, বাঞ্ছা) ইচ্ছা, বাঞ্ছা, ভালপোৱা কাৰ্য্য়, desire, taste.

অভিলষিত্, অভিলসিত্,কৃদ. বি. (সং. অভিলষিত, অভিলসিত -- অভি, উপস + লব্, ভাল পা) ইচ্ছা কৰা, বাঞ্ছিত, desired, wished for.

অভিলাষ্, অভিলাস্, স.শ. ইচ্ছা, বাঞ্ছা, wish, desire.

অভিলাষী, অভিলাসী, বি. (সং. অভিলাষিন্ বা অভিলাসিন্, বাঞ্ছা কৰোতা -- অভিলাষ বা অভিলাস) ইচ্ছুক, wishing, desiring.

অভিশপ্ত, বি. (সং. অভিশপ্ত, শাপ পোৱা -- অভি, উপস. + শপ্, শাও দি) শাও পোৱা, cursed.

অভিশাপ্, স.শ. (সং) শাও, লোকৰ অনিষ্ট হবৰ নিমিত্তে প্ৰকাশ কৰা বাঞ্ছা, a curse, imprecation.

অভিষিক্ত, কৃদ. বি. (সং. অভিষিক্ত, নিযুক্ত -- অভি, উপস. + সিচ্, পানী ছটিয়া) পবিত্ৰ জলেৰে শান্তি আদি শুভ কৰ্ম্ম কৰি ৰাজ-পাটত নিযুক্ত; যেনে, ৰজা অভিষিক্ত হৈছে, installed in the throne after being sprinkled with holy water.

অভিষেক্, স.শ. (সং. অভিষেক, শান্তি, নিয়োগ -- অভি, উপস. + সিচ্, পানী ছটিয়া) পবিত্ৰ জলেৰে শান্তি কৰি ৰাজসিংহাসনত নিয়োগ, installation in the throne after sprinkling with holy water.

অভিসন্ধি, স.শ. (সং. অভিসন্ধি, অভিপ্ৰায় -- অভি, উপস. + সন্ধি, জোৰা) অভিপ্ৰায়, আন্তৰিক ভাব বা ইচ্ছা; যেনে, এই কথাত অমুকৰ অভিসন্ধি বুজিব পৰা নাই, purpose, object.

অভিসাৰিকা, স.শ. (সং, অভিসাৰিকা, উপপতিৰ গুৰিলৈ যোৱা তিৰী -- অভি, সমুখলৈ + সৃ, গতি কৰ্) উপপতিৰে সাক্ষাত কৰিবলৈ গোপনে নিৰূপিত ঠাইলৈ যোৱা তিৰোত, a woman who keeps an assignation, or goes to an appointed place to meet her lover.

অভীষ্ট, কৃদ. বি. (সং. অভীষ্ট, বাঞ্ছিত -- অভি, উপস. + ইস্, ইচ্ছা কৰ্) বাঞ্ছিত; যেনে, অভীষ্ট বস্তু পালে সকলো সন্তুষ্ট হয়, wished, desired. স.শ. কামনা, বাঞ্ছা; যেনে, তোমাৰ অভীষ্ট সিদ্ধ হওক, wish, desire.

অভুক্ত, বি. (সং. অভুক্ত, নোখোৱা -- অ,