পৃষ্ঠা:হেমকোষ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অভয়
অভিন্ন
৩৬

ভদ্র, ভাল) অভাল, বেয়া, নীচ, bad, vile, low.

অভয়্, বি. (সং. অভয়, ভয়হীন -- অ, নাই + ভয়, বিপদ আশঙ্কা) নির্ভয়, ভয়শূন্য, ভয়-নথকা; যেনে, অভয় হৃদয়; ভয় দূৰ কৰা, ভয়-গুচোৱা; যেনে, “অভয় চৰণে লৈলোঁ শৰণ,” fearless, undaunted; removing fear. স.শ. ভয়ৰ অভাৱ, সাহস; আশ্রয় দিবৰ অঙ্গীকাৰ, ভয় দূৰ কৰণ; যেনে, ডাঙ্গৰীয়াই অমুকক অভয় দিছে, absence or removal of fear, restoration of courage, protection promised.

অভক্ষ্য়, বি. (সং. অভক্ষ্য, অখাদ্য -- অ, নহয় + ভক্ষ্য, খাদ্য) খাবৰ অযোগ্য, অখাদ্য, not eatable, forbidden as food. স.শ. খাবৰ নিষেধ হোৱা বস্তু, forbidden food.

অভাগা, বি. (সং. অভাগ্য, দুর্কপলীয়া) দুৰ্ভগীয়া, দুৰ্কপলীয়া, unfortunate. (স্ত্রী) অভাগী, অভাগিনী।

অভাগ্য, বি. (সং. অভাগ্য, দুর্কপলীয়া -- অ, নহয় + ভাগ্য, কপলীয়া) দুৰ্কপলীয়া; unfortunate. স.শ. দুর্দ্দশা, দুর্কপাল, দুৰ্ব্বাসনা, ill luck, bad fortune.

অভাগ্যৱান্, বি. (সং. অভাগ্যৱৎ, ভাগ্যহীন -- অ, নহয় + ভাগ্যৱান, কপালী) দুৰ্ভগীয়া, দুৰ্কপলীয়া, unfortunate. (স্ত্রী) অভাগ্যৱতী।

অভাজন্, বি. (সং. অভাজন, অপাত্র -- অ, নহয় + ভাজন, পাত্র) অপাত্র, অকামিলা, কোনো কাম কৰিব নজনা, worthless, unfit, incompetent.

অভাল, বি. (অং. অ, নহয় + ভাল, উত্তম) বেয়া, bad, ill. স.শ. অমঙ্গল, আপদ, অপকাৰ; যেনে, আনৰ ভাল কৰা টান, অভাল কৰিব সকলোৱে পাৰে, misfortune, injury.

অভাৱ, স.শ. (সং. অভাৱ, অ, ন + ভূ, বিদ্যমান হ) লাগতিয়াল বস্তু নথকা বা নোপোৱা অৱস্থা, অপ্ৰতুল; কোনো বস্তু বা মানুহ বিদ্যমান বা উপস্থিত নথকা অৱস্থা, want ; absence.

অভাৱে, ক্রি.বি. অভাৱ হলে, নহলে, নেথাকিলে; যেনে, মৌৰ অভাৱে গুৰ, in the absence or death of.

অভি, উপস. (সং) সমুখ; ওপৰ, ইত্যাদি, a prefix implying against, upon, above, etc.

অভিগমন্, কৃদ.স. (সং. অভিগমন, সমুখ হওন -- অভি, সমুখে + গমন, যোৱা) কোনো বস্তুৰ ফাললৈ গতিকৰণ; এই কাৰণ তিৰোতাৰে সৈতে গোপনে খোৱা-লোৱা কৰণ, approaching; secret intercourse with a woman.

অভিগামী, স.শ. (সং. অভিগামিন্, সমুখ হওঁতা) কোনো তিৰোতাৰে সৈতে গোপনে খোৱা-লোৱা কৰা পুৰুষ, one who has secret intercourse with a woman.

অভিজ্ঞ, বি. (সং. অভিজ্ঞ, জনা -- অভি, উপস. + জ্ঞা, জান্) বোধ থকা, জনা, clever, knowing.

অভিধান্, স.শ. (সং. অভিধান, শব্দৰ অর্থ বুজোৱা পুথি -- অভি, উপস. + ধা, ধাৰণ কৰ্) নাম; বস্তুবিলাকৰ নাম আৰু অৰ্থ থকা পুথি, a name; a dictionary.

অভিন্, বি. (সং. অভিন্ন, বেলেগ নোহোৱা) বেলেগ নোহোৱা, একে, মিলা, having no difference, resembling, being the same.

অভিনয়্, স.শ. (সং. অভিনয়, নাটকৰ কাৰ্য্য -- অভি, উপস. + নী, লৈ যা) নাটকৰ কাৰ্য্য, ভাৱনাকৰণ, dramatical performance.

অভিনৱ, বি. (সং. অভিনৱ, নতুন -- অভি, উপস. + নৱ, নতুন) নতুন, new.

অভিন্ন, বি. (সং. অভিন্ন, পৃথক নোহোৱা -- অ, নহয় + ভিন্ন, বেলেগ) বেলেগ নোহোৱা, একে, অভিন, having no difference, resembling, being the same.