পৃষ্ঠা:হেমকোষ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অবোধ
অভদ্ৰ
৩৫

স.শ. হুঁটা মানুহ; অবুজন; যেনে, অবৈয়ালে বুজনি নলয়, a rude or rough-tempered person, one who is obstinate or self-willed. সমা -- অবুজন, আমঠ, অবৈয়াল; আগৰ দুটাই যুক্তি আৰু সজ উপদেশ-নুশুনা বুজায়; কিন্তু যি অবৈয়াল, হিত উপদেশ দিলে তাৰ খং উঠে।

অবোধ্, বি. (সং. অবোধ, বোধহীন -- অ, নাই + বোধ, জ্ঞান) নিৰ্ব্বোধ, মূৰ্খ, আজলা, stupid.

অব্যক্ত, বি. (সং. অৱ্য়ক্ত, অস্পষ্ট -- অ, নহয় + ৱ্য়ক্ত, স্পষ্ট) অস্পষ্ট; যেনে, অব্যক্ত শব্দ; অপ্ৰকাশিত, নেদেখা; যেনে, অব্যক্ত কথা কেনেকৈ জানিবা, unapparent, indistinct; invisible.

অব্যয়্, বি. (সং. অৱ্য়য়, নুঢুকোৱা -- অ, নহয় + ৱ্য়য়, ঢুকোৱা) ব্যয় নোহোৱা, নুঢুকোৱা, অভগন, inexhaustible, unwasted.

অব্যয় শব্দ, স.শ. (সং. অৱ্য়য়, নাশ নোপোৱা + শব্দ, মাত) লিঙ্গ, বিভক্তি আদিৰ দ্বাৰা পৰিবৰ্ত্তিত নোহোৱা শব্দ; যেনে, আৰু, দ্বাৰা, ইত্যাদি, an indeclinable word, a particle.

অব্যৰ্থ, বি. (সং. অৱ্য়ৰ্থ, অমোঘ -- অ, নহয় + ৱ্য়ৰ্থ, নিষ্ফল) অমোঘ, নিষ্ফল নোহোৱা, infallible, effectual, efficacious.

অব্যৱধান্, বি. (সং. অব্যৱধান, মাজত একো নথকা -- অ, নহয় + ৱ্য়ৱধান, বিচ্ছেদ) মাজত একো নথকা, লগালগি, close, adjoining, contiguous.

অব্যৱহাৰ্য্য, বি. (সং. অৱ্য়ৱহাৰ্য্য, ব্যৱহাৰৰ অযোগ্য— অ, নহয় + ৱ্য়ৱহাৰ্য্য, ব্যৱহাৰৰ যোগ্য) ব্যৱহাৰ কৰিবৰ বা কামত লগাবৰ অযোগ্য, অশুচি; যেনে, অজাতিয়ে ছোৱা ভাতৰ চৰু অব্যৱহাৰ্য্য়; একেলগে খোৱা-লোৱা কৰিবৰ অযোগ্য; যেনে,অভক্ষ্য ভক্ষণ কৰা মানুহ অব্যৱহাৰ্য্য, unfit for use, defiled; not fit to be associated with, degraded in caste.

অব্যৱহিত্, বি. (সং. অৱ্য়ৱহিত, ব্য়ৱধান শূন্য -- অ, নহয় + ৱ্য়ৱহিত, ব্যৱধানযুক্ত) মাজত ব্যৱধান নথকা, লগালগি, contiguous, adjoining, immediate.

অব্যৱহৃত্, বি. (সং. অৱ্য়ৱহৃত, ব্যৱহাৰ নকৰা -- অ, নহয় + ব্যৱহৃত, চলিত) ব্যৱহাৰ বা ভোগ নকৰা; যেনে, অব্যৱহৃত পাত্ৰ; চলিত নোহোৱা, অচলিত; যেনে, অব্যৱহৃত শব্দ, not used; not in use, not current.

অব্ৰাহ্মণ, স.শ. (সং. অব্ৰাহ্মণ, বামুণতকৈ ইতৰ লোক -- অ, নহয় + ব্ৰাহ্মণ, বামুণ) বামুণতকৈ আন জাতিৰ মানুহ; বেয়া বামুণ, নিকৃষ্ট বামুণ, not a Brahman, a man of an inferior caste; a bad Brahman or a Brahman of inferior sanctity.

অভকত্, স.শ. (সং. অভক্ত, ঈশ্বৰত ভক্তি নকৰা) ঈশ্বৰক নভজা মানুহ, হিন্দুধৰ্ম্মত বিশ্বাস নকৰা লোক, a person not professing the Hindu religion or worshipping God according to the tenets of the Hindu shastras.

অভকতীয়া, বি. অশৰণীয়া, গুৰুৰ মুখে ধৰ্ম্মৰ উপদেশ নোলোৱা, হিন্দুধৰ্ম্মত নপ্ৰবৰ্ত্তা; যেনে, আহোমবোৰ আগেয়ে অভকতীয়া আছিল, not professing or believing in the Hindu religion.

অভক্ত, বি. (সং. অভক্ত, ভক্তিহীন -- অ, নহয় + ভক্ত, ঈশ্বৰক ভজা) ঈশ্বৰত ভক্তি নকৰা, ঈশ্বৰ নমনা, not devoted to the worship of God, irreligious, স.শ. ঈশ্বৰ নভজা লোক; ধৰ্ম্ম, ঘাইকৈ হিন্দুধৰ্ম্ম, নমনা মানুহ, a person who does not worship God, one who does not believe in the Hindu religion.

অভগন্, বি. (অং. অ, নহয় + ভগন, ব্যয়) অব্যয়, ক্ষয় নোপোৱা, নুঢুকুৱা; যেনে, কুবেৰৰ অভগন ভণ্ডাৰ, inexhaustible.

অভদ্ৰ, বি. (সং. অভদ্ৰ, মন্দ -- অ, নহয় +