পৃষ্ঠা:হেমকোষ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অপব্যয়ী
অপূৰ্ব্ব
৩০

অপব্যয়ী, বি. (সং. অপৱ্যয়িন্) ধুঁৱাখুলীয়া, wasteful, prodigal.

অপশব্দ, স.শ. (সং. অপশব্দ -- অপ, উপস. + শব্দ, মাত) চহা মাত, অশুদ্ধ শব্দ, vulgar word, slang.

অপস্মাৰ, স.শ. (সং. অপস্মাৰ -- অপ, নথকা + স্মাৰ, স্মৰণ) আঁৱৰি ৰোগ, a falling sickness.

অপহৰণ, কৃদ্.স. (সং. অপহৰণ -- অপ, উপস. + হৰণ, চুৰ কৰা) চুৰ কৰণ, ছলেৰে বা বলেৰে নিয়ন, theft, robbery.

অপহাৰক, অপহাৰী, স.শ. (সং.) চোৰ, ডকাইত, বলেৰে নিওঁতা, a thief, a plunderer.

অপক্ষপাতী, বি. (সং. অপক্ষপাতিন্, পক্ষপাত নকৰা -- অ, নহয় + পক্ষপাতিন্, এফালৈ টনা) উচিত বিচাৰ কৰা, কাৰো ফাললৈ নটনা, impartial. (স্ত্রী) অপক্ষপাতিনী।

অপাকী, বি. (সং. অপাকিন্, জীণ-নোযোৱা -- অ, নহয় + পাকিন্, জীণ-যোৱা) শীঘ্ৰে জীণ-নোযোৱা, গুৰুপাকী; যেনে, অপাকী বস্তু ; জীৰ্ণ নগৈ থকা, পাক নোপোৱা; অজীৰ্ণৰ পৰা হোৱা; যেনে, অপাকী উগাৰ; অজীর্ণযুক্ত; যেনে, অপাকী পেট, not easily digestible; not digested, produced by indigestion; dyspeptic.

অপাঠ্য, বি. (সং. অপাঠ্য, পঢ়িবৰ অযোগ্য -- অ, নহয় + পাঠ্য়, পঢ়িবৰ যোগ্য) পঢ়িবৰ অযোগ্য, মাতিব নলগীয়া; পঢ়িব নোৱৰা, পঢ়া অসম্ভৱ, not fit or proper for reading; illegible, unreadable.

অপাত্র, বি. (সং. অ, নহয় + পাত্র, বস্তুৰ আধাৰ) অযোগ্য, অকামিলা, unfit, not deserving, স.শ. অযোগ্য পুৰুষ, a worthless or undeserving man বি.স.শ. অপাত্ৰী।

অপাদান্, স.শ. (সং. অপাদান, এটা কাৰক -- অপ, উপস. + আদান, গ্রহণ), ব্যাকৰণত - পঞ্চম কাৰক, the fifth or ablative case.

অপায়, স.শ. (সং. অপায়, অমঙ্গল -- অপ, উপস. + অয়, গতি কৰ্ ) আপদ, বিপদ, misfortune, calamity.

অপাৰ, বি. (সং. অপাৰ, পাৰ নথকা -- অ, নাই + পাৰ, দাঁতি) পাৰ বা দাঁতি নথকা, অকূল; যেনে, অপাৰ সাগৰ; অন্ত নথকা, অসীম; যেনে, অপাৰ সম্পত্তি; having no shore, boundless.

অপাৰক্,অপাৰগ্, বি. (সং. অপাৰক, অপাৰগ, অসমর্থ -- অ, নহয় + পাৰক বা পাৰগ, সমৰ্থ) অসমর্থ, অক্ষম, অপাৰ্গত, নোৱৰা, incapable, unable, unskillful.

অপাৰকতা, অপাৰগতা, গু.শ. অপাৰ্গতালি, নোৱৰা অৱস্থা, inability.

অপাৰ্গত্, বি. (অং. অ, নহয় + পাৰ্গত, সমৰ্থ) নোৱৰা, নিপুণ নোহোৱা, অসমর্থ, incapable, unable, unskillful.

অপাৰ্গতালি, গু.শ. অপাৰকতা, incompetency, inability.

অপার্থক্, বি. (সং. অপার্থ, অকামিলা) কামৰ শক্তিহীন, অপাৰগ, incompetent, worthless. স.শ. উপায় নথকা অৱস্থা, কষ্ট, আপদ; যেনে, সি অপার্থকত পৰিছে, trouble, distress.

অপুত্র, অপুত্রক, বি. (সং. অপুত্র, অপুত্রক, পুত্রহীন -- অ, নাই + পুত্র, সন্তান) পো-নথকা, childless, সং.শ, সন্তান নথকা পুৰুষ, a childless man, (স্ত্রী) অপুত্রিকা।

অপুদ্ঘাত্, বি. (সং. অপঘাত, হঠাত হোৱা) আগেয়ে নেদেখা- নুশুনা, অসম্ভাবিত, আচৰিত, unusual, extraordinary.

অপূর্ণ, বি. (সং. অপূর্ণ, পূর্ণ-নোহোৱা -- অ, নহয় + পূর্ণ, পূৰ) পূৰ্ণ নোহোৱা, আদখনীয়া, incomplete.

অপূর্ণিত্, কৃদ.বি. (সং. অ, নহয় + পূর্ণিত, পূৰ কৰা) পূৰ নকৰা, not filled.

অপূর্ব্ব, বি. (সং. অপূৰ্ব্ব, উত্তম -- অ, ন + পূৰ্ব্ব, আগ) আগেয়ে নোহোৱা বা নেদেখা; এতেকে অতি উত্তম; যেনে, অপূৰ্ব্ব ঘৰ, unprecedented, extraordinary; excellent.