পৃষ্ঠা:হেমকোষ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনূঢ়া
অন্তৰ্ৱ্ৱৰ্ত্তী
২৫

ঘনে ঘনে (পদত মাথোন খাটে); যেনে “কৃষ্ণ কথা শুনা অনুক্ষণ," every moment.

অনূঢ়া, (স্ত্রী) বি. (সং. অনূঢ়া, অবিবাহিতা -- অন, নোহোৱা + ঊঢ়া, বিয়া দিয়া) বিয়া নিদিয়া, অবিবাহিতা, unmarried (female).

অনেক, বি. (সং. অনেক, বহু -- অ, নহয় + এক, এটা; একতকৈ অধিক) এটাতকৈ অধিক, বহুত, বিস্তৰ; যেনে, অনেক মানুহ, অনেক ধন, many; much. স.শ. বহুত লোক; যেনে, অনেকে এই কথা কয়, অনেকৰ মত, many persons. ক্রি.বি. অধিক পৰিমাণে, বেচিৰূপে; যেনে, নৰিয়া আগতকৈ অনেক ভাল হৈছে, much, in a great degree.

অন্ত, স.শ. (সং. অন্ত, শেষ -– অম্, গতিকৰ্) শেষ, ওৰ; মৰণ, end; limit; death. ক্রি. অন্তপৰ্, শেষ হ, অন্ত হ, to end.

অন্তঃকৰণ্, স.শ. (সং. অন্তঃকৰণ, মন -- অন্তঃ, ভিতৰ + কৰণ, কৰা) মন, চিত, mind, the heart.

অন্তঃপুৰ্, স.শ. (সং. অন্তঃপুৰ, ঘৰৰ ভিতৰৰ ভাগ -- অন্তঃ, ভিতৰ + পুৰ, নগৰ বা ঘৰ-বাৰী) ভিতৰ-টোল, ভিতৰ-ঘৰ, ডাঙ্গৰ লোকৰ ঘৰৰ যি ভাগত লৰা-তিৰোতা থাকে, the innermost apartment.

অন্তক্, স.শ. (সং. অন্তুক, যম -- অন্ত, ঐ) শেষ-কৰোঁতা, নাশ-কৰোঁতা, ওৰ পেলা-ওঁতা, যম, মৃত্যু, destroyer, death.

অন্তকাল্, স.শ. (সং. অন্তকাল, শেষকাল -- অন্ত, ঐ + কাল, সময়) জীৱনৰ শেষ কাল, মৰিবৰ সময়, the time of death. ক্রি.বি. অন্তকালে, জীৱনৰ শেষ সময়ত, মৰিবৰ বেলা; যেনে, “অন্তকালে হৰিসে ৰাখিব, নৰাখিব ডুকৃঞ কৰণে,” at the hour of death (পদ্যত মাথোন চলিত)।

অন্তৰ্, স.শ.(সং. অন্তৰ, ভিতৰ – অন্ত, শেষ + ৰা, গ্রহণ কৰ্) মাজ, ভিতৰ; এতেকে মন; যেনে, অন্তৰত ভাবি চোঁৱা; দূৰ ঠাই, নিলগ; যেনে, পাঁচ হাতৰ অন্তৰত, midst ; mind; distance. বি. নিলগ, দূৰ, আঁতৰ; যেনে, তাৰ ঘৰ বহুত অন্তৰ, distant.

অন্তৰা-অন্তৰি, বি. (সং. অন্তৰ, দূৰ) আঁতৰা-আঁতৰি, নিলগা-নিলগি, ইটোৰপৰা সিটো আঁতৰ; যেনে, সিহঁত এহাতৰ অন্তৰা-অন্তৰি, distant from one another.

অন্তৰা-অন্তৰিকৈ, ক্রি.বি. আঁতৰা আঁতৰিকৈ, ইটোৰ পৰা সিটোক আঁতৰকৈ, at a distance from one another.

অন্তৰিন্দ্ৰিয়, “ইন্দ্ৰিয়” চোৱাঁ।

অন্তৰীপ্, স.শ. (সং. অন্তৰীপ, আগীয়াঠুঁটি -- অন্তঃ, ভিতৰ + আপ, পানী) সাগৰৰ ভিতৰলৈ আগ বাঢ়ি যোৱা কিলাকূটিয়া মাটি; আগীয়াঠুঁটি, a cape, a promontory.

অন্তৰীক্ষে, ক্রি.বি. (সং. অন্তৰীক্ষ, আকাশ) আকাশত; যেনে, থাকি অন্তৰীক্ষে (পদ্য়ত), in the sky.

অন্তৰে, ক্রি.বি. (সং. অন্তৰ, মন) মনেৰে, পেটে, mentally.

অন্তর্গত্, বি. (সং. অন্তৰ্গত, ভিতৰৰ –- অন্তঃ, ভিতৰ + গত, যোৱা) ভিতৰৰ, মাজত থকা; যেনে, গুৱালপাৰা আসামৰ অন্তর্গত, included, situated in.

অন্তৰ্দ্দাহ্, স.শ. (সং. অন্তৰ্দ্দাহ, মনৰ দুখ -- অন্তৰ, ভিতৰ + দাহ, তাপ) গাৰ ভিতৰৰ পোৰণি; এতেকে মনৰ তাপ, শোক, মনৰ দুখ, internal heat; sorrow, mental affliction.

অন্তৰ্দ্ধান্, বি. (সং. অন্তর্দ্ধান, লুকুৱা, বা অদৃশ্যহোৱা -- অন্তৰ, ভিতৰ + ধা, ধাৰণ কৰ্) লুকুৱা, নেদেখা-হোৱা (দেৱতাৰ কথাত খাটে); যেনে, ব্রহ্মা অন্তৰ্দ্ধান হল, vanished, out of sight.

অন্তৰ্ব্বত্নী, বি. (সং. অন্তৰ্ৱ্ৱত্নী, গর্ভৱতী -- অন্তৰ, ভিতৰ + ৱত্, প্রত্যয়) গৰ্ভৱতী, সগর্ভা, pregnant.

অন্তৰ্ব্বৰ্ত্তী, বি. (সং. অন্তৰ্ৱ্ৱৰ্ত্তী, অন্তর্গত -- অন্তৰ, ভিতৰ + বৰ্ত্তী, থকা) অন্তর্গত, included.