পৃষ্ঠা:হেমকোষ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনুভূত
অনুৰোধ
২৩

যে মহে কামোৰাৰ অনুভৱেই নহল, feeling. perception.

অনুভূত্, কৃদ. বি. (সং. অনুভূত, বোধ-কৰা -- অনু, উপস. + ভূ, হ) বুজা, গাত গমপোৱা, বোধ-কৰা, perceived, felt.

অনুমতি, স.শ. (সং. অনুমতি, অনুজ্ঞা -- অনু, উপস. + মতি, মন) অনুজ্ঞা, কাম কৰিবৰ আদেশ; permission.

অনুমান্‌, স.শ. (সং. অনুমান, উপলব্ধি -- অনু, উপস. + মান, জোখ) হেতু দেখি কৰা নিৰ্ণয়, মনেৰে ভাবি কৰা ঠিক, inference, supposition.

 সমা -- অনুভৱ, অনুমান, প্ৰথমটোৱে গাত গম পাই হোৱা জ্ঞানক বুজায়, পাচৰটো হেতু দেখি তাৰ কি ফল হব তাক বুজোৱাত খাটে; এতেকে সুখ আৰু দুখক আমি অনুভৱ কৰোঁ, আৰু মেঘ দেখিলে বৰষুণ হব এইটো অনুমান হয়।

অনুমোদন্‌, কৃদ. স. (সং. অনুমোদন, ভাল বোলন -- অনু, পাচত + মুদ্, আনন্দকৰ্), কোনো কামক ভাল বুলি স্বীকাৰ কৰা কাৰ্য্য, সন্তোষ-প্ৰকাশ; যেনে, এই প্ৰস্তাৱ সভাই অনুমোদন কৰিছে, approbation.

অনুমোদিত্, কৃদ. বি. ভাল বুলি স্বীকাৰ কৰা, approved.

অনুযায়্, ক্ৰি.বি. (সং. অনুযায়ী, পশ্চাদগামী) অনুসাৰে, অনুসৰি, দৰে, according to.

অনুযায়ী, বি. (সং. অনুযায়িন্, অনুসাৰী -- অনু, পাচ + যা, গতি কৰ্) নিচিনা; যেনে, আজ্ঞা অনুযায়ী কাৰ্য্য, conformable to.

অনুযোগ্, স.শ. (সং. অনুযোগ, তিৰক্ষাৰ -- অনু, উপস. + যুজ্, লগ লগা) তিৰস্কাৰ, দোষ-ধৰণ, censure.

অনুৰক্ত, বি. (সং. অনুৰক্ত, আসক্ত - অনু, উপস. + ৰঞ্জ, মন লগা) কোনো বস্তুত বৰকৈ মন লগোৱা, আসক্ত, fond.

অনুৰাগ, স.শ. (সং. অনুৰাগ, আসক্তি -- অনু + ৰঞ্জ, মন লগা) ভাল-পোৱা কাৰ্য্য, স্নেহ, আসক্তি; মনোযোগ, fondness, affection, attention.

অনুৰাগী, বি. (সং. অনুৰাগিন্ -- অনুৰাগ + ইন্) অনুৰাগযুক্ত, স্নেহযুক্ত, ভাল-পোৱা, fond, loving (স্ত্ৰী) অনুৰাগিণী।

অনুৰাধা, স.শ. (সং. অনুৰাধা, এটা নক্ষত্ৰ -- অনু, উপস. + ৰাধ্, সিদ্ধ হ, এই নক্ষত্ৰত আৰব্ধ কৰ্ম্ম সিদ্ধ হয়, এই ভাৱত) সপ্তদশ নক্ষত্ৰ, the seventeenth lunar mansion.

অনুৰূদ্ধ, কৃদ. বি. (সং. অনুৰূদ্ধ, খটা-হোৱা -- অনু, উপস. + ৰুধ, আবদ্ধ কৰ্) অনুৰোধ কৰা হোৱা, অনুৰোধ পোৱা, খটা হোৱা; যেনে, অমুক অনুৰুব্ধ হৈছে, asked to do a favour to some one or to do something.

অনুৰূপ্, স.শ. (সং. অনুৰূপ, তুল্য বস্তু -- অনু, উপস. + ৰূপ, গঢ়) আন কোনো বস্তুৰ সদৃশ বস্তু; যেনে, বঙ্গালী আখৰ দেৱনাগেৰীৰ অনুৰূপ, মেকুৰি বাঘৰ অনুৰূপ, something resembling another, resemblance, a copy.

অনুৰূপীয়া, বি. যিমান হব লাগে সিমান নোহোৱা, সামানা, অনুষ্টুপীয়া, of an inferior degree or proportion, small, brief.

অনুৰূপীয়াকৈ, ক্ৰি, বি. সামান্যৰূপে, অলপীয়াকৈ, in a smaller degree or proportion, in an inferior manner.

অনুৰূপ-শব্দ, স.শ. (সং. অনুৰূপ-শব্দ -- অনুৰূপ, তুল্য + শব্দ, মাত) ব্যাক্, কোনো বস্তুৰ তুল্য কোনো এটা বস্তু বুজোৱা মাত; যেনে, মাছ টাছ, ইয়াত “টাছ” শব্দে মাছৰ তুল্য আন কোনো বস্তু বুজাইছে, সেয়ে অনুৰূপ-শব্দ, a syllable or two added to a noun to convey a meaning similar to that of the English phrase "and so forth."

অনুৰোধ, স.শ. ( সং. অনুৰোধ, উপৰোধ -- অনু, উপস. +ৰুধ , আটক কৰ্) কোনো লোকৰ উপকাৰৰ নিমিত্তে বা কোনো