পৃষ্ঠা:হেমকোষ.pdf/৪৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিগম্বৰ 800 দিনেৰাতিয়ে the awaking state, as opposed to & dream. দিতি, স. শ. (সং.) কাশ্যপৰ এজনা ঘৈণীয়েক, wafataante, a wife of Kashyapa. দিন, স. শ. (সং. দিন--দো, ছেদন কৰ; অন্ধকাৰ ছেদন কৰে, এতেকে) সূৰ্যৰ ৰশ্মিৰে পৃথিবী পোহৰ হোৱা কাল, বেলি ওলোৱাৰ পৰা বেলি বহালৈকে কাল; যেনে, “দিনত কাম, বাতি বিশ্ৰাম”; এবাৰ বেলি ওলোৱাৰ পৰা আকৌ বেলি ওলোৱালৈকে কাল, চৌবিশ ঘণ্টা; যেনে, মই ঘৰত দুদিন আছিলো; এতেকে কাল, সময়; যেনে, কোনো প্ৰকাৰে দিন যাব atest; a day, time, দিন নিয়া, কাল হৰণ ক; কোনো মতে fra fauts atost, to spend time. দিনৰ দিনটো, গোটেই দিন, the whole day. . দিনক, স. শ. (সং, দিনকৰ-দিন, সূৰ্য্যে পোহৰ কৰা কাল + +, কৰ} সূৰ্যা, the sun. দিগ, বি. (সং. দিগম্বৰ-দিশ, পূব আদি+অম্বৰ, কাৰে) পূব আদি দিশেই যাৰ কাপোৰ হৈছে। দিশৰূপ কাপোৰ । পিন্ধা; এতেকে সমূলি নাঙ্গা, কাপোৰ নিপিন্ধা, naked, স, শ, শিৱ, Siva. (স্ত্ৰী) দিগম্বৰী। দিগজ্ঞ, স. শ. (সং- দিগঞ্জ-দিশ, পূব আদি+গজ, হাতী) পৃথিবীৰ এক চুক ধৰা এটা হাতী; পৃথিবীৰ আঠ চুক, এতেকে হাতীও ঠোটা। {“অষ্টদিশ” শব্দ চোৰ!) সিহঁতৰ নাম (পূব আদি দিশৰ ক্ৰম অনুসাৰে) ঐৰাৱত, পুখুৰীক, বামন, কুমুদ, অঞ্জন, পুষ্পদন্ত, সাৰ্বভৌম, efet, one of the ciglet clepliants ( on which the globe is said to be supported. দিৰ্শন, স, শ, (সং. দিগদৰ্শন-. দিদৰ্শন-যন্ত্ৰ, দিক, পূৰ্ব পশ্চিম আদি +দৰ্শন, দেখ+ যন্ত্ৰ, যতম। পূৰ্ব পশ্চিম আদি চিনোৱ যন্ত্ৰ, কোছ, a compass, দিখা, বি. (সং. দিশ্বাস-দিশ, পূৰ্ব আদি+ ৱাসস, কাপোৰ } “দিগম্বৰ চোৱা। দিগ্বিজয়, স. শ. {সং. দিখিজয়--দিশ, পূব আদি+ৱিজয়, জিকা) ৰণত বা শাস্ত্ৰৰ আলাপত বহু দেশৰ ওপৰত লভ জয়; যেনে, ধীৰে বা পণ্ডিতে দিগ্বিজয় কৰে, subjugation of many places in battle or controyersy. দিগ্বিজয়ী, বি. (সং. দিগ্বিজয়িন্) ৰণত বা শাস্তুৰ আলাপত অনেক দেশ জিকা, everywhere victorious in Lattle or controversy . দিগ্বিদিগু, স. শ. {সং. দিগ্বিদিগদি, পূব আদি+ বিদিক, দুই দিশৰ মাজ) পূব আদি চাৰি ফাল আৰু সেইবোৰৰ মাজৰ চাৰি চুক, আঠ দিশ; যেনে, কুঁৱলীৰ নিদানে দিগ্বিদিগ চিনিব নোৱাৰি, the eight points of the compass. দিঠক, স. শ. (সং, দৃষ্ট, চকুৰে দেখা) সাৰে থকা বা সপোন নোহোৱা অৱস্থা; যেনে, ওকত সকলে দিঠকতে ঈশ্বৰক দেখে, 30 দিন-নাথ, স. শ. (সং. দিননাথ-দিল, দিৱস+নাথ, গৰাকী } দিনৰ গৰাকী, সূৰ্য্য, the sun, দিন-মণি, স. শ. (সং. দিনমণি—দিন, দিৱস +মণি, মুকুতা আদি জল! বস্তু) দিনক উজ্জ্বল কৰোতা, দূৰ্য্য, tle sin. দিনান্ত, স. শ. (সং. দিনান্ত-দিন, দিৱস + অন্ত, শেষ) গধূলি, evening. দিনান্তে, ক্ৰি. বি. দিনৰ অন্তত, গধূলি, at the end of the day, in the evening. দিনে, ক্ৰি. বি. এদিনত, per client. দিনেও, ক্ৰি. বি. নিতে, প্ৰতিদিনে, every day. . দিনে দিনে। ক্ৰি. বি. প্ৰতিদিনে; যেনে, দিনে পতি, সি দিনে দিনে আহে। এদিনৰ পৰা আন দিনলৈ, ক্ৰমে ক্ৰমে; যেনে, সি দিনে দিনে ভাল হৈ আহিছে, day by day, every day, দিনে-ৰাতিয়ে, ক্ৰি. বি. দিন আৰু ৰান্তি দুইতত, সদায়, day and night.