পৃষ্ঠা:হেমকোষ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অনুদ্বিগ্ন
অনুভৱ
২২

তাৰ বুজ-নোপোৱা, নিৰুদ্দেশ, gone away and unheard of.

অনুদ্বিগ্ন, বি. (সং. অনুদ্বিগ্ন, নিশ্চিন্ত -- অ, নহয় + উদ্বিগ্ন, চিন্তিত) উগুল-থুগুল-নলগা, শান্ত-মনা, চিন্তিত-নোহোৱা, free from anxiety.

অনুদ্বেগ, স.শ.(সং. অনুদ্বেগ, উদ্বেগশূন্যতা -- অ, নাই + উদ্বেগ, উগুলথুগুল) উগুলথুগুল নলগা অৱস্থা, শান্ত মনেৰে থকা অৱস্থা, উদ্বেগশূন্যতা, freedom from anxiety.

অনুদ্যত্, বি. (সং. অনুদ্যত, অনুদ্যোগী -- অ, নহয় + উদ্যত, উৎসাহী) উদ্যোগী নোহোৱা, কাৰবাৰ নকৰা, নিশ্চেষ্ট, inactive, idle.

অনুদ্যম্, স.শ. (সং. অনুদ্যম, উদ্যমশূন্যতা -- অ, নাই + উদ্যম, উৎসাহ) অনুদ্য়োগ, চেষ্টাৰ অভাৱ, inactivity, absence of exertion.

অনুদ্যোগ, স.শ. (সং. অনুদ্যোগ, অনুদ্যম -- অ, নাই + উদ্যোগ, উদ্যম) চেষ্টা নকৰা অৱস্থা, উদ্যোগৰ অভাৱ, inactivity, absence of exertion.

অনুদ্যোগী, বি. (সং. অনুদ্যোগিন্, উদ্যোগহীন -- অন, নহয় + উদ্যোগিন্, উৎসাহী) অনুৎসাহী, এলেহুৱা, অনুদ্যত, inactive, idle.

অনুধাৱন্, কৃদ.স. (সং. অনুধাৱন, পাচত চিন্তন -- অনু, পাচত + ধা, লৰ্) পাচত ভাবি চোৱা কাৰ্য্য, reflection, consideration.

অনুনয়, স.শ. (সং. অনুনয়, বিনয় -- অনু, উপস. + ণী, লৈ যা) বিনয়, নম্রতা, civility, humility.

অনুনাসিক, বি. (সং. অনুনাসিক, নাকেৰে উচ্চাৰিত -- অনু, উপস. + নাসা, নাক) নাকে দি মতা, নাকেৰে উচ্চাৰণ কৰা; যেনে, হোঁ, nasal.

অনুপকাৰ, স.শ. (সং অনুপকাৰ, অপকাৰ -- অ, নহয় + উপকাৰ, হিতকাৰ্য্য) অহিত কাৰ্য্য, হিংসা, অপকাৰ, injury.

অনুপকাৰী, বি. অহিত; injurious, inimical. স.শ. অপকাৰ কৰোঁতা, an enemy.

অনুপম্‌, বি. (সং. অনুপম, অতুল্য -- অ, নাই + উপমা, তুল্য) যাৰ তুল্য নাই, অতুল্য, incomparable.

অনুপযুক্ত, বি. (সং. অনুপযুক্ত -- অ, নহয় + উপযুক্ত, যোগ্য) অযোগ্য, unfit.

অনুপস্থিত্, বি. (সং, অনুপস্থিত - -অ, নহয় + উপস্থিত, আগলৈ অহা) আগত নথকা, অসাক্ষাত, absent.

অনুপস্থিতি, স.শ. (সং.) কোনো এজন আগত নথকা কাল, অসাক্ষাত; কোনো বস্তুৰ অপ্ৰাপ্তি, absence.

অনুপান্. স.শ. (সং. অনুপান, দৰবে সৈতে পান কৰা বস্তু -- অনু, পাচত + পান, পি খোৱা বস্তু) দৰবৰ পাচত বা তাৰে সৈতে মিহলাই পি খোৱা বস্তু; যেনে, মৌ, আদাৰস, ইত্যাদি, fluid vehicle in medicine, a fluid substance taken with or after medicine.

অনুপায়, বি. (সং. অনুপায়, উপায়হীন -- অ, নাই + উপায়, কার্য্য়সিদ্ধিৰ হেতু) নিৰুপায়, উপায়হীন; যেনে, অনুপায় হৈ আপোনাৰ আশ্ৰয় লৈছোঁ, having no means.

অনুপ্রাস্, স.শ. (সং অনুপ্রাস, একে আখৰ থকা বহু শব্দেৰে কৰা ৰচনা -- অনু, উপস. + প্ৰ. আগত + অস, থাক্ ) একে আখৰ আগত থকা বহু শব্দ লগ লগাই কৰা ৰচনা। যেনে, “ভাৱক ভাই ভজাঁ ভগৱন্ত,” -- শঙ্কৰ; alliteration.

অনুবন্ধ, স.শ. (সং. অনুবন্ধ, বান্ধ, লৰা, ইত্যাদি -- অনু, উপস. + বন্ধ, বন্ধন) পূৰ্ব্বৰ পৰা চলি অহা ৰীতি; যেনে, এনে কাম কৰাৰ এই দেশত অনুবন্ধ নাই; custom, usage. অনুবন্ধ সংস্কৃত শব্দ, কিন্তু অসমীয়াত তাৰ অৰ্থ লৰিছে।

অনুভৱ, স.শ. (সং. অনুভৱ, বোধ -- অনু, উপস. + ভূ, হ) গাত গম পাই হোৱ৷ বোধ; যেনে, কালি ৰাতি ইমান টোপনি হৈছিল যে মহে কামোৰাৰ অনুভৱেই নহল, feeling, perception.