পৃষ্ঠা:হেমকোষ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অধিক
অধোগতি
১৫

সকলোত্‌কৈ বেয়া, খেৰেচ, নীচ, অধম, mean, contemptible, low.

অধিক্, বি. (সং. অধিক, প্ৰচুৰ -- অধি, উপস. + কৈ, ক) সৰহ, বহুত, ভালেমান, many, much, large in quantity or number.

অধিকতা, সং.শ. (সং.) অধিক পৰিমাণ, আধিকা, the state of being many or much.

অধিকৰণ, সং.শ. (সং. অধিকৰণ, আধাৰ -- অধি, ওপৰ + কৃ, কৰ্) যাৰ ওপৰত কোনো বস্তু থাকে, আধাৰ; ব্যাকৰণৰ এটা কাৰক, something which holds or contains some other thing; the locative case.

অধিকাৰ্, সং.শ. (সং. অধিকাৰ, স্বত্ব -- অধি, ওপৰ + কৃ, কৰ) ক্ষমতা; আধিপত্য, স্বত্ব; যেনে, তেওঁৰ একো অধিকাৰ নাই ; গৰাকী; যেনে, তেওঁ ঘৰৰ অধিকাৰ, কোনো সন্ত্রৰ ঘাই গোসাঁই; যেনে, কমলা-বাৰীৰ অধিকাৰ, right, title; authority; the head priest of a religious institution in Assan.

অধিকাৰিতা, অধিকাৰিত্ব, গু.শ. (সং. অধিকাৰিন্, গৰাকী) গৰাকী হোৱা অৱস্থা, অধিকাৰৰ ক্ষমতা বা পদ, ownership, right.

অধিকাৰী, সং.শ. (সং. অধিকাৰিন্, গৰাকী -- অধিকাৰ, স্বত্ব + ইন্‌, প্রত্য়) গৰাকী, স্বামী; কোনো সত্ৰৰ ঘাই গোসাঁই, a master, an owner, the head priest of a religious institution in Assam. (স্ত্রী) অধিকাৰিণী।

অধিক্‌কৈ, ক্রি.বি. (সং. অধিক্‌, সৰহ) সৰহকৈ, অধিকৰূপে, in a large number or quantity.

অধিপতি, সং.শ. (সং. অধিপতি, স্বামী -- অধি, ওপৰ + পতি, গৰাকী) ঘাই গৰাকী, স্বামী, a master, ruler.

অধিবাস্, সং.শ. (সং. অধিৱাস, পূৰ্ব্বকৃত্য -- অধি, উপস. + ৱস, বাস কৰ্) কোনো শুভ কৰ্ম্মৰ আগ দিনা গধূলি কৰা কাৰ্য্য, আৰম্ভৰ কাৰ্যা, a ceremony performed in the evening of the day previous to that on which a solemn rite, such as a marriage, etc., is to be performed.

অধিৰাজা, সং.শ. (সং. অধিৰাজন্, চক্রবর্ত্তী -- অধি, ওপৰৰ + ৰাজন, ৰজা) ওপৰঞ্চি ৰজা, বাদ্শ্য়া, অনেক দেশৰ ৰজাৰ ওপৰৰ ৰজা, an emperor.

অধিষ্ঠান্, সং.শ. (সং. অধিষ্ঠান, বাস -- অধি, উপস. + স্থা, থাক্) থকা, বাস কৰা, নিবাস, the act of abiding or dwelling.

অধিষ্ঠাতৃ, অধিষ্ঠাতা, সং.শ. (সং.) বাস কৰোঁতা,থাকোঁতা, নিবাসী, a dweller.

অধীন্, বি. (সং. অধীন, তলতীয়া -- অধঃ, তল) তলতীয়া, স্বতন্ত্র নোহোৱা; আনৰ বশ হৈ থকা; যেনে, আনৰ অধীন মানুহে ইচ্ছা অনুসৰি চলিব নোৱাৰে, subordinate, dependent. সং.শ. আনৰ তলতীয়া লোক, আনৰ বশ হৈ থাকোঁতা; যেনে, অধীনৰ নিবেদন, a subordinate; a dependent.

অধীনতা, গু.শ. (সং.) তলতীয়া বা আনৰ বশহৈ থকা অৱস্থা, subordination, dependence.

অধীনে, আ. অব্য. তলে, তলতীয়া হৈ, under, in subordination to.

অধীৰ্, বি. (সং. অধীৰ, অস্থিৰ -- অ, নহয়, + ধীৰ, স্থিৰ) অস্থিৰ; উদ্বিগ্ন; যেনে, অধীৰ নহবা, unsteady; anxious.

অধুনা, ক্রি.বি. (সং. অধুনা, সম্প্রতি -- ইদম্, এই) এতিয়া, now, at present.

অধৈৰ্য্য়, গু.শ. (সং. অধৈৰ্য্য়, অস্থিৰতা -- অ, ন + ধৈর্য্য, স্থিৰতা) অস্থিৰতা; অধীৰ হোৱা অৱস্থা, unsteadiness, anxiety. বি. অস্থিৰ, চঞ্চল, উদ্বিগ্ন; যেনে, মন অধৈৰ্য্য হল, unsteady, anxious.

অধোগতি, সং.শ. (সং. অধোগতি, তললৈ বা নৰকলৈ গমন -- অধঃ, তল বা নৰক +