পৃষ্ঠা:হেমকোষ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অদৃঢ়
অধস্য
১৪

বুজিব নোৱৰা, দকৈ গুণিব নোৱৰা; অপণ্ডিত, not far-seeing; imprudent.


অদৃঢ়্, বি. (সং. অদৃঢ়, ঢিলা -- অ, ন + দৃঢ়, ডাঠ) হেলেকা, ঢিলা, শকত নোহোৱা, আশকত, not firm; slack.

অদৃশ্য, বি. (সং. অদৃশ্য, নেদেখা -- অ, ন + দৃশ্য, দেখা) দৃষ্টিৰ বাহিৰ; যাক দেখিবলৈ পোৱা নেযায়, চকুৰে মনিব নোৱৰা, out of sight; not visible, invisible.

অদৃষ্ট, কৃদ. বি. (সং. অদৃষ্ট, নেদেখা -- অ, ন + দৃষ্ট, দেখা) যাক দেখা নাই, অদেখা, invisible, unseen, স.শ. কপাল, ভাগ্য, fortune, fate.

অদৃষ্ট-পূর্ব্ব, বি. (সং, অদৃষ্ট-পূর্ব্ব, পূর্ব্বে নেদেখা -- অদৃষ্ট, নেদেখা + পূৰ্ব্ব, আগে) আগেয়ে নেদেখা, নেদেখানুশুনা, not seen before.

অদেখা, বি. (অং. অ, ন + দেখা, চকুত পৰা ) নেদেখা; চকুত নপৰা, unseen; invisible.

অদ্ভুত, বি. (সং. অদ্ভুত, আচৰিত -- অতৃ + আচৰিত + ভূ, হ) আচৰিত, আগেয়ে নোহোৱা, wonderful, unusual, of a curious sort. স.শ. উৎপাত, স্বভাৱৰ বিপৰীত ঘটনা, an unusual or unnatural occurrence portending evil, a portent.

অদ্ভুতাখ্যান্, অদ্ভুতোপাখ্য়ান্, স.শ. (অদ্ভুত, আচৰিত + আখ্যান, উপাখ্যান, সাধুকথা) আচৰিত উপাখ্যান, অসম্ভৱ আৰু সজা সাধুকথা, a romance.

অদ্য, ক্রি.বি. (সং. অদ্য) আজি, বর্ত্তমান দিনত, today.

অদ্যাপি, ক্রি.বি. (সং. অদ্যাপি, আজিও -- অদ্য, আজি + অপি, ও) আজিও, আজিলৈকে; যেনে, কামটো অদ্যাপি হোৱা নাই, up to this day.

অদ্বিতীয়, বি. (সং. অদ্বিতীয়, দ্বিতীয়-নথকা -- অ, ন + দ্বিতীয়, আন এটা) যাৰ দ্বিতীয় নাই, একমাত্র, অতুল্য, having no second, unrivalled.

অদ্বৈতবাদ, স.শ. (সং. অদ্বৈতবাদ, দ্বিতীয় নাই বোলা উক্তি -- অ, ন + দ্বৈত, দ্বিতীয় + ৱাদ, উক্তি) ঈশ্বৰৰ দ্বিতীয় নাই বোলা উক্তি, এজনা মাথোন ঈশ্বৰত বিশ্বাস, monotheism.

অদ্বৈতবাদী, বি. (সং. অদ্বৈতৱাদিন্, দুজনা নাই বুলি কোৱা -- অ, ন + দ্বৈতৱাদিন্, একত্‌কৈ অধিক আছে বুলি কোৱা) ঈশ্বৰ এজনাতকৈ অধিক নাই বুলি কোৱা, কেৱল এজনা ঈশ্বৰ মনা, monotheistical. স.শ. কেৱল এজনা ঈশ্বৰ-মানোতা, a monotheist.

অধঃপাত্‌, স.শ. (সং. অধঃপাত, তললৈ পতন -- অধঃ, তল্ + পাত্, পৰণ) তললৈ পতন, অর্থাৎ নৰকলৈ গমন; যেনে, পাপীৰ অধঃপাত হয়, the net of falling down or going to hell.

অধনুৱা, বি. ধন-নলগা, শুদাই পোৱা, unpaid; free of payment, obtained gratis.

অধম, বি. (সং, অধম, নীচ -- অধ্, ৰক্ষা কৰ) নীচ, পাষণ্ড, খেৰেচ, mean, base, low, স.শ. নীচ লোক; যেনে, অধমৰ ভাল মতি নহয়, a low person.

অধমতা, অধমত্ব, গু.শ. নীচৰ গুণ বা স্বভাৱ, meanness, Baseness.

অধৰ্, স.শ. (সং. অধৰ, ওঁঠ –– অ, ন + ধৃ, ধৰ্) তলৰ ওঁঠ, the lower lip.

অধর্ম্ম, স.শ. (সং. অধৰ্ম্ম, পাপ -- অ, ন + ধৰ্ম্ম, পুণ্য) পাপ, কুকর্ম্ম. vice, sin.

অধৰ্ম্মী, বি. (সং. অধৰ্ম্মিন্, পাপী -- অ, ন + ধর্ম্ম, সৎকৰ্ম্ম) অধৰ্ম্মত প্ৰবৰ্ত্তা, পাপী, কুকৰ্ম্ম কৰোঁতা, vicious, sinful. স.শ. পাপী মানুহ, a sinful man. (স্ত্ৰী) বি. স.শ. অধৰ্ম্মিণী।

অধস্থ, বি. (সং- অধঃস্থ, তলত থকা) তলতীয়া, তলৰ খাপৰ, নামনি ভাগৰ, lower in grade, inferior.

অধস্য, বি. (সং, অধঃস্থ, অধস্থ, তলৰ ) সকলোত্‌কৈ বেয়া, খেৰেচ, নীচ, অধম, mean, contemptible, low.