পৃষ্ঠা:হেমকোষ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অত্রাহি
অদূৰদৰ্শী
১৩

অত্রাহি, বি. (সং. অ, নাই + ত্ৰৈ, উদ্ধাৰ কৰ্) বিপদৰ পৰা উদ্ধাৰৰ উপায় নথকা, বিবুদ্ধি; যেনে, অমুক আপদত পৰি অত্রাহি হৈছে, having no means of safety or deliverance.

অথচ, যো. অব্য. (সং. অথচ, অথ, অনন্তৰ + চ, অব্য়.) কিন্তু পাচে বা আৰু পাচে; যেনে, তেওঁ অঙ্গীকাৰ কৰে, অথচ পালন নকৰে; আৰু ; যেনে, বুঢ়া অথচ মূর্খ, and afterwards, and.

অথনি, ক্রি.বি. (সং. অদ্যতন, আজিৰ) আজিয়েই, অলপ আগেয়ে; যেনে অথনি আহিল, a short time ago, today. কা.সৰ্ব্ব. এতিয়াৰ কিছু আগৰ কাল; যেনে, অমুকৰ অথনিৰ পৰা জৰ হৈছে; a short time before this moment.

অথনিকৈ, ক্রি.বি. আজিয়েই অলপ পাচে; ডাঁৰ চেৰেকৰ পাচে, after a short while, to-day, a little afterwards.

অথনিয়েই, ক্রি.বি. আজি ভালেমান বেলিৰ আগেয়েই, to-day, but several hours ago.

অথন্তৰ্,অথান্তৰ্, স.শ. (সং. অৱস্থান্তৰ, অৱস্থাৰ সলনি; সদায় থকাতকৈ আন অৱস্থা) অকস্মাৎ হোৱা বিঘিনি, আপদ; আকস্মিক ঘটনা; যেনে, ঘৰত অথান্তৰ হৈছে; misfortune, distress; an accident.

অথবা, অব্য. (সং অথৱা, নাইবা -- অথ, পাচত + বা, নাইবা) নাইবা; কিম্বা, or.

অথৰ, বি. (সং. অস্থিৰ, লৰচৰ কৰা) অধিক বয়সৰ নিমিত্তে স্থিৰে থাকিব নোৱৰা, হাত-মূৰ কঁপা; যেনে, অথৰ বুঢ়া, unsteady or tremulous owing to old age; decrepit.

অথর্ব্ব, স., (সং. অথৰ্ৱ্ৱ, এখান বেদ -- অথৰ্ব্বণ্, এজনা ঋষিৰ নাম) চাৰি বেদৰ শেষ বেদ, one of the Vedas.

অথল, স.শ. (অং. অ, ন + থল, ঠাই) মন্দ স্থল, বেয়া ঠাই, অনুপযুক্ত স্থান, a bad place, an unfit or unsafe place.

অথালি পথালি, বি. (অং. অথালি, উপস. + পথালি, পুতল) দীঘ-পুতল, দুইও ফালে ব্যাপি থকা; যেনে, অথালি-পথালি আঁক; বেমেজালি, বিশৃঙ্খল; যেনে, অথালি-পথালি বাট চিনা টান, extending lengthwise and cross-wise ; confused.

অথালি-পথালিকৈ, ক্রি.বি. দীঘ-পুতল, দুয়ো ফালে; যেনে, অথালি-পথালিকৈ আঁক দিছোঁ; বেমেজালিকৈ; যেনে, বা’মাৰলিয়ে ধূলিবোৰ অথালি-পথালিকৈ উৰায়, lengthwise and crosswise; in a confused manner.

অথিৰ, বি. (সং. অস্থিৰ, স্থিৰ নোহোৱা) চঞ্চল, লৰচৰ, কঁপা, অস্থিৰ; অনিশ্চয়, unsteady, shacking; uncertain.

অদণ্ড্য, বি. (সং. অদণ্ড্য -- অ, ন + দণ্ড্য, দণ্ডৰ যোগ্য), দণ্ডr অযোগ্য, শাস্তি পাব নোপোৱা, unpunishable.

অদত্ত, কৃদ. বি. (সং অদত্ত, নিদিয়া -- অ, ন + দত্ত, দিয়া) নিদিয়া, not given, not bestowed. (স্ত্রী) অদত্তা।

অদর্শন্, কৃদ.স. (সং. অদর্শন, নেদেখা -- অ, ন + দর্শন, দেখা) নেদেখা, দৃষ্টিৰ অভাৱ, disappearance. ই বিশেষণ ৰূপেও ব্যৱহৃত হয় ; যেনে, সূর্য্য় অদর্শন হল, out of sight.

অদৰিশন, স.শ. (সং. অদর্শন) নেদেখা, disappearance. বি. নেদেখা, out of sight. (কেৱল পদ্যত)

অদিতি, স.শ. দক্ষৰ জীয়েক, কাশ্যপৰ ভাৰ্য্যা আৰু দেৱতাবিলাকৰ মাক, daughter of Daksha, wife of Kashyapa and mother of the gods.

অদূৰদৰ্শী, বি. (সং. অদূৰদর্শিন, দূৰদৰ্শী নোহোৱা -- অ, ন + দূৰদৰ্শী, দূৰলৈ দেখা ) দূৰলৈ নেদেখা ; আগলৈ কি হব বুজিব নোৱৰা, দকৈ গুণিব নোৱৰা; অপণ্ডিত, not far-seeing; imprudent.