পৃষ্ঠা:হেমকোষ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঙ্গহীন
অছিদ্ৰ

of the limbs, gesture; an attitude.

অঙ্গহীন্, বি. (সং. অঙ্গহীন, অঙ্গ-নথকা -- অঙ্গ, গাৰ অংশ + হীন, নথকা) গাৰ কোনো এভাগ-নথকা; অসম্পূৰ্ণ, limbless; incomplete, defective.

অঙ্গীকাৰ্, স.শ. (সং. অঙ্গীকাৰ, প্ৰতিজ্ঞা -- অঙ্গ, গাৰ এভাগ + কৃ, কৰ্) প্ৰতিজ্ঞা, গাত লওন, কোনো কাম কৰিবলৈ মান্তি হোৱা কাৰ্য্য়, a promise, an agreement.

অঙ্গীকাৰ্-পত্ৰ, স.শ. (সং. অঙ্গীকাৰ-পত্ৰ -- অঙ্গীকাৰ, প্ৰতিজ্ঞা + পত্ৰ, কাকত) কোনো কথা কৰিবলৈ প্ৰতিজ্ঞা কৰি লিখি দিয়া কাকত, a deed of agreement.

অঙ্গীকৃত, বি. প্ৰতিজ্ঞা-কৰা, গাত লোৱা; যেনে, অঙ্গীকৃত কাৰ্য্য় অৱশ্যে কৰিব লাগে, promised, agreed.

অঙ্গুষ্ঠ, স.শ. (সং. অঙ্গুষ্ঠ, বুঢ়া আঙ্গুলি -- অঙ্গ (হাত) + স্থা, থাক্; হাতত থাকে, এতেকে) বুঢ়া আঙ্গুলি, the thumb.

অচতুৰ্, বি. (সং. অচতুৰ, হোজা -- অ, নহয় + চতুৰ, পটু) অপটু, চতুৰ নোহোৱা, হোজা, simple.

অচৰ্ম্মছেদী, বি. (সং. অ, ন + চৰ্ম্মছেদিন, ছাল-কটা -- চৰ্ম্ম, ছাল + ছিদ্, কাট্ + ইন্, প্ৰত্যয়) পুৰুষাঙ্গৰ মূৰৰ ছাল-নকটা, uncircumcised. স.শ. পুৰুষাঙ্গৰ ছাল-নকটা মানুহ, one who is not circumcised.

অচল, বি. (সং, অচল, অলৰ -- অ, ন + চল, গতি কৰ্) লৰিচৰি নুফুৰা, অলৰ; যেনে, পৰ্ব্বত অচল; লৰচৰ কৰিব নোৱৰা, উঠি লৰি ফুৰিব নোৱৰা; যেনে, ঠেং ভগা মানুহ অচল হয়, fixed, hot moving; incapable of moving about. (স্ত্ৰী) অচলা, লৰচৰ-নকৰা বা কৰিব নোৱৰা; যেনে, অচলা লক্ষ্মী।

অচলিত, কৃদ.বি. চলন-নথকা, চলিত নোহোৱা; যেনে, অচলিত শব্দ, অচলিত মোহৰ, not current, not in use.

অচাৰ্‌সঁচাৰ্, বি. (সং. অসঞ্চাৰ, সঞ্চৰণ-নথকা) অহা-যোৱা-নথকা, নেদেখা-নুশুনা; যেনে, ফ্ৰেঞ্চ মানুহ অসমত অচাৰ-সঁচাৰ; দুষ্প্ৰাপ্য, পাবলৈ নোহাৱা বা টান; যেনে, সেই বস্তু ইয়াত অচাৰ-সঁচাৰ, having intercourse; difficult to be had, rare.

অচিন্, বি. (সং. অচিহ্ণ, চিন-নথকা) চিন-নথকা; নিচিনা, অচিনাকি; যেনে, অচিন কাঠৰ খোৰাকো নলগায়, unknown.

অচিনাকি, বি. (অং. অ, ন + চিনাকি, চিনা) নিচিনা, যাৰে সৈতে চিনাকি নাই, unknown, unacquainted with.

অচিন্তনীয়, বি. (সং. অচিন্তনীয় -- অ, ন + চিন্তনীয়, চিন্তিব পৰা) যাক চিন্তিব নোৱাৰি, মনৰ অগোচৰ, মনেৰে ঢুকি নোপোৱা, inconceivable, unimaginable, incomprehensible.

অচিৰস্থায়ী, বি. (সং. অচিৰস্থায়িন্ -- অ, ন + চিৰ, বহুকাল + স্থা, থাক্ + ইন্) অলপ কাল থকা, বহুতকাল নথকা, transitory, not durable, fluctuating.

অচিৰে, অচিৰতে, ক্ৰি.বি. (সং, অচিৰ, অলপ-কাল) অলপ কালতে, শীঘ্ৰে, soon before long.

অচেতন্, বি. (সং. অচেতন -- অ, ন + চেতন, জ্ঞান) অজ্ঞান, সাৰে নথকা; জীৱ-নথকা, insensible, devoid sensibility; inanimate,

অচেষ্টা, স.শ. (সং. অচেষ্টা --অ, ন + চেষ্টা, কাৰবাৰ) কাৰবাৰ নকৰা, হেলা, absence of exertion.

অচৈতন্য, স.শ. (সং. অচৈতন্য-- অ, ন + চৈতন্য, জ্ঞান) জ্ঞান বা বোধৰ অভাব, unconsciousness, insensibility.

অচ্যুত্, স.শ.(সং. অচ্য়ুত-- অ, ন + চ্যুত, নাশ) যাৰ নাশ নাই, পৰমেশ্বৰ, God; a name of Vishnu.

অছিদ্ৰ, বি. (সং. অছিদ্ৰ-- অ, ন + ছিদ্ৰ, বিন্ধা) বিন্ধা নথকা; নিজগৰ, নিজগৰীয়া, not pierced, faultless.