পৃষ্ঠা:হেমকোষ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঘাৰিবকাৰি
অঙ্গভঙ্গি

অঘাইত লম্পট, very great, exceedingly wicked.

অঘাৰিবকাৰি, বি. আঁক্‌বাঁক্‌-কৰা, দীঘে-পথালিয়ে, আঁক-দিয়া বা লিখা; যেনে, অঘাৰিবকাৰি কাকত, (উপহাসত খাটে); written lengthwise and crosswise, scribbled (in ridicule).

অঘিণ্, বি. (অং. অ, নাই + ঘিণ, ঘৃণা) ঘিণ-নকৰা, বিক্চিনা-নথকা; যেনে, এনে অঘিণ মানুহ দেখা নাই, having no disgust or abhorrence.

অঘিণ্কৈ, ক্ৰি.বি. ঘিণ-নকৰাকৈ; যেনে, অঘিণকৈ খালে; তুচ্ছ-বোধ নকৰি; যেনে, বৰ লোকে অঘিণ্কৈ সামান্য মানুহৰ লগ লয় নে? Without loathing; without hating.

অঘোৰ্, বি. (সং. অঘোৰ, শান্তমূৰ্তি-- অ,ন+ ঘোৰ, ভয়ঙ্কৰ) ভয়-নজন্মোৱা, শান্তমূৰ্ত্তি, not terrible, calm and peaceable.

অঘোৰ্‌পন্থ, স.শ. (সং. অঘোৰপন্থ --অঘোৰ, শিৱ-দুৰ্গাৰ ভয়ঙ্কৰ ৰূপ + পথ, বাট বা নিয়ম) শিৱ আৰু দুৰ্গাৰ ভয়ঙ্কৰ ৰূপৰ উপাসনাৰ নিয়ম, a mode of worship of Siva and Durga in their terrific forms.

অঘোৰ্‌পন্থী, স.শ. (সং. অঘোৰপথিন্, অঘোৰপন্থত চলোঁতা) শিৱ আৰু দুৰ্গাৰ ভয়ঙ্কৰ ৰূপৰ উপাসক। এই শ্ৰেণীৰ উপাসকৰ খাদ্যাখাদ্যৰ বিচাৰ নাই; আনে ঘিণোৱা বস্তু তাৰ সুখাদ্য; গেলা শ আৰু মানুহৰ মঙ্গহো তাৰ অখাদ্য নহয়, a worshipper of Siva and Durga in their terrific forms. অঘোৰী--এনেকৈও বোলা যায়।

অঙ্ক, স.শ. (সং. অঙ্ক, শঁক--অঙ্ক‌, গণ বা লেখ্) শঁক, ১, ২, আদি গণনাৰ চিন; নাটকৰ আধ্যা, an arithmetical figure; an act of a drama.

অঙ্কিত্, কৃদ.বি. (সং. অঙ্কিত, অঙ্ক, চিন- লগা বা লিখ্) চিহ্নিত, চিন-লগোৱা; লিখিত; লিখা, marked; written.

অঙ্কুৰ্, স.শ. (সং. অঙ্কুৰ, গজালি--অঙ্ক, চিন লগা) গজালি, পোখা; গুটিৰ পোখা, a shoot, a sprout; the germ of a plant.

অঙ্কুৰিত্, কৃদ.বি. গজা, গাজ-ধৰা, germinated, sprouted.

অঙ্কুশ্, স.শ. (সং. অঙ্কুশ, লাংচিং--অক্, গতি কৰ; হাতীক গতি কৰায়, এতেেক) লাংচিং, গজাকোঁহ, হাতী-চলোৱা আকোঁৰা মাৰি, an elephant goad, a hook for driving an elephant.

অঙ্গ, স.শ.(সং. অঙ্গ, গাৰ কোনো ভাগ) গাৰ কোনো এভাগ; যেনে, হাত, ভৰি, ইত্যাদি; কোনো বস্তুৰ এক অংশ, a limb, a part of anything,

অঙ্গদ্, স.শ. (সং.) বান্দৰৰ ৰজা বালিৰ পুতেক, the son of "Báli." For "Bali" see Dowson's Dictionary of Indian Mythology.

অঙ্গনা, স.শ.(সং. অঙ্গনা, স্ত্ৰী-- অগ্, গতি কৰ্) স্ত্ৰী, তিৰোতা, a woman.

অঙ্গ-পৰিচালন্, স.শ.(সং. অঙ্গপৰিচালন, ব্যায়াম--অঙ্গ, গাৰ কোনো এভাগ + পৰিচালন, লৰোৱা) ব্যায়াম, সবল কৰিবলৈ অঙ্গবোৰ সঞ্চালন-কৰণ, bodily exercise.

অঙ্গ-প্ৰত্যঙ্গ, স.শ.(সং. অঙ্গ প্ৰত্যঙ্গ, অঙ্গ, শৰীৰৰ ঘাই এভাগ + প্ৰত্যঙ্গ, গাৰ সামান্য ভাগ) গাৰ সকলো অঙ্গ, গাৰ ডাঙ্গৰ আৰু সৰু সকলো ভাগ, all the limbs of the body, large and small.

অঙ্গস্ত্ৰ, বি. (সং, অঙ্গৱস্ত্ৰ, গাৰ কাপোৰ) গা-ঢকা কাপোৰ মাথোন যাৰ সম্পত্তি, নিচেই দুখীয়া; যেনে, অমুক অঙ্গস্ত্ৰ, বৰকৈ খীণোৱা, হাড়-ছাল মাথোন থকা, very poor, emaciated, reduced to a skeleton.

অঙ্গভঙ্গি, স.শ.(সং. অঙ্গ, শৰীৰৰ এভাগ + ভঙ্গি, ভাঁজ) অঙ্গৰ সঞ্চালন; যেনে, নাচনিয়াৰে অঙ্গভঙ্গি কৰে; মুখ আদিৰ ঠাৰ, অঙ্গৰ ভাঁজ, আঙ্গিভঙ্গি, the motion