পৃষ্ঠা:হেমকোষ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অকটুৰ
অকলশৰে

আদি); যেনে, অকঁটলা গোঁজ, not cleared of twigs, &c., an epithet applied to bamboos, &c.

অকটুৰ, বি. (অং. অ, নহয় + কটুৰ, নীৰস) কটুৰ নোহোৱা, ৰসাল, সাৰুৱা; যেনে, অকটুৰ মাটি, not dry, moist, fertile.

অকঠিন, বি. (সং. অকঠিন, কোমল--অ, নহয় + কঠিন, টান) টান নোহোৱা, ঢিলা, কোমল; উজু, যেনে, অকঠিন শ্লোক, not hard, soft; easy.

অকণ্টক্, বি. (সং. অকণ্টক - অ, ন + কণ্টক, কাঁইট) কাঁইট নথকা; চিন্তা, জেঙ্গা বা ভয়-নথকা; নিষ্কণ্টক, শক্তহীন, having no thorn; free from anxiety or fear; having no enemy.

অকথনীয়, বি. (সং. অকথনীয়, কবৰ অযোগ্য- অ, ন + কথনীয়, কবৰ যোগ্য) কবৰ অযোগ্য; কথাৰ দ্বাৰা প্ৰকাশ কৰিব নোৱৰা, not fit to be spoken; unspeakable, unutterable.

অকথা, স.শ. (সং. অ, বেয়া + কথা, কাৰ্য্য়) বেয়া কাৰ্য্য়; দুষ্কৰ্ম্ম, কৰিব নলগীয়া কাম, a vicious act.

অকথ্য, বি. (সং. অকথ্য- অ, ন + কথ্য, কবৰ যোগ্য) অকথনীয়, not fit to be spoken; unspeakable.

অকপট, অকপটী, অকপটীয়া, বি. (সং. অ, ন + কপট, বঞ্চনা) কপট নথকা, মনে-মুখে এক, সাধু, সৰল, হোজা, sincere, frank.

অকপটৰূপে, ক্ৰি. বি. (অং. অকপট, কপট নথকা + ৰূপে, প্ৰকাৰে) কপট নকৰাকৈ, মনে-মুখে এক কৰি, হোজাৰূপে, sincerely, frankly.

অকম্পিত, বি. (সং. অকম্পিত, নকঁপা -অ, ন + কম্পিত, কঁপা) নকঁপা, দৃঢ়, সাহসযুক্ত; যেনে, অকম্পিতহৃদয়, firm, not trembling, courageous.

অকম্পিতৃৰূপে, ক্ৰি. বি. নকঁপাকৈ, দৃঢ়ৰূপে, সাহেৰে, firmly, courageously.

অকৰ্ম্ম, স. শ. (সং. অকৰ্ম্ম, কুকাম - অ, বেয়া+ কৰ্ম্ম, কাম্) দুষ্কৰ্ম্ম, বেয়া কাম, পাপ, a vice, a sinful act, a misdeed.

অকৰ্ম্মক, বি. (সং. অকৰ্ম্মক, কৰ্ম্ম-কাৰক- হীন--অ, নাই + কৰ্ম্মন, কৰ্ম্ম-কাৰক) কৰ্ম্ম-কাৰক-নথকা; যেনে, অকৰ্ম্মক ধাতু বা ক্ৰিয়া, intransitive,

অকৰ্ম্মণ্য, বি. (সং. অকৰ্ম্মণ্য, অকামিলা- অ, ন+ কৰ্ম্মণ্য, কামৰ যোগ্য) অকামিলা, কামত নলগা; যেনে, অকৰ্ম্মণ্য় বস্তু, good for nothing, useless.

অকৰ্ম্মা,, বি. (সং, অকৰ্ম্মা, অপাত্ৰ-অ, ন + কৰ্ম্মন্, কাম) কাম কৰিব নজনা, অপাত্ৰ; এলেহুৱা, incapable of doing anything, unskillful; idle.

অকল্, বি.সৰ্ব্ব. (সং. একক, এটা) একেটীয়া, লগ-নথকা, alone, having no companion.

অকলঙ্ক, বি. (সং. অকলঙ্ক, চেকা নথকা --অ, নাই + কলঙ্ক, চেকা) চেকা বা মল-নথকা, নিৰ্ম্মল; যেনে, অকলঙ্ক চন্দ্ৰ; নিৰ্দ্দোষ, দুৰ্য্য়শ-নথকা; যেনে, অকলঙ্ক বংশ, spotless, pure, stainless,

অকলে, অকলৈ, ক্ৰি.বি. লগ-নথকাকৈ, অকল্শৰে, alone.

অকল্যাণ্, স.শ. (সং. অকল্যাণ, অমঙ্গল --অ, ন + কল্যাণ, মঙ্গল) অমঙ্গল, আপদ, misfortune, calamity.

অকলবিৰ্, স.শ. ( অং. অকল, লগ-নথকা + সং. বৃক্ষ, গছ) এডাল গা-গছ হোৱা, অধিক ডাল-নধৰা এবিধ দৰবৰ গছ, a kind of medical plant used by kabirajes.

অকল্শৰ্, বি. (সং. একেশ্বৰ--এক, এজনা + ঈশ্বৰ, পৰমদেৱতা, ঈশ্বৰৰ দৰে লগ নথকা) সঙ্গ-নথকা, অকল; যেনে, সি অকলশৰ, alone

অকলশৰীয়া, বি. লগ নোহোৱাকৈ থকা; যেনে, অকলশৰীয়া মানুহ, living alone.

অকলশৰীয়াকৈ, অকলশৰে, ক্ৰি. বি. লগ নোহোৱাকৈ, অকলৈ; যেনে, হাবিলৈ অকলশৰে যাব নোৱাৰি, alone, without company.