পৃষ্ঠা:হেমকোষ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া হেম-কোষ।

অকঁটলা
 

, অসমীয়া বৰ্ণমালাৰ আদি আখৰ; কোনো শব্দৰ আগত থাকিলে অভাৱ নোহোৱা বা বেয়া বুজায়; যেনে অব্ৰাহ্মণ, অৰ্থাৎ ব্ৰাহ্মণ নহয়, অকাল, অৰ্থাৎ বেয়া কাল, অকামিলা, অৰ্থাৎ কামত নলগা, অকৰ্ম্ম, অৰ্থাৎ বেয়া কৰ্ম্ম (পাপ)। স্বৰেৰে আৰম্ভ শব্দৰ আগত সেই অ অন হয়; যেনে, (অৰ্থ) অনৰ্থ, অৰ্থৰ অভাৱ; (ঈশ্বৰ) অনীশ্বৰ, ঈশ্বৰৰ অভাৱ বা ঈশ্বৰ নহয়; (ইচ্ছা) অনিচ্ছা, ইত্যাদি, the first letter of the Assamese alphabet; placed before a word, it signifies a negation, and is equivalent to un, in, dis, &e.

, অব্য. ওচৰত থকা লোকক সম্বোধন কৰাত ব্যৱহৃত মাত; যেনে, অ! হৰি, হলিৰাম অ! a vocative particle.

অংশ, স.শ.(সং. অংশ—অংশ, ভাগ কৰ)

অংশ, ভাগ, কোনো বস্তুৰ এডোখৰ;কোনো এক বস্তু বা বস্তুবিলাকৰ পৰা বেলেগোৱা কোনো এক পৰিমাণৰ বস্তু, a part; a share.অংশী, স.শ. (সং. অংশিন্, ভাগী- অংশ+ইন্) ভাগী, ভগিয়াৰ, ভাগ-পাওঁতা, a partner, a share-holder. (স্ত্ৰী) অংশিনী।

অঁকা, স.শ. (অং. আঁকৃ, আঁচ দি) গা আৰু মুখত আহম-আঠাৰে আঁক-লোৱা, এজাতি পৰ্ব্বতীয়া মানুহ, a hill tribe of Assam.

অঁকাবঁকা, বি. (অং. অঁকা, আঁচ-দিয়া+বঁকা, অনুৰূ.) অনেক বৰণৰ আঁচযুক্ত, পখৰাচিতৰা, variegated, striped.

অঁকিয়া, অ.ধা. (অং. আঁক, আঁচ) আঁক টান, যেনে, লৰাই ফলিত অঁকিয়ায়, to draw a line or lines. স.ধা. আঁচ দি চিন লগা; যেনে, পুথিৰ পাত অঁকিয়াইছে, to mark with a line or lines.

অঁটা, কৃদ.বি. (অং. আঁট্, জোৰ) যথেষ্ট, যিমান লাগে, সিমান হোৱা, sufficient, enough.

অঁটা, স.ধা. (অং. আঁট্, ঐ) জোৰা, যিমানলাগে, সিমান কৰ; যেনে, দহ টকাৰে এমাহ অঁটাম, to cause to suffice for.

অঁটাকৈ, ক্ৰি.বি. জোৰাকৈ, sufficiently.

অঁড়া, "অঁৰা" চোৱাঁ।

অঁত্, বি.(সং. অন্ত, শেষ, কাম অন্ত হয়,এতেকে) প্ৰস্তুত, যুগুত, পৰিষ্কাৰ, পৰিপাটি, prepared, made ready, cleared. অঁত্ কৰ্, প্ৰস্তুত কৰ্; অঁ-তা, পৰিষ্কাৰ কৰ্; শ্ৰেণী লগা; যেনে, কাকতবোৰ অঁত্ কৰিছে, to arrange, to put in order, to prepare, to clean or clear. অঁত লগা, শ্ৰেণী বদ্ধ কৰ, to put it order, to arrange.

অঁ-তা, স.ধা. পৰিষ্কাৰ কৰ্; যেনে, ঠাই অঁ-তাইছে; বাত্, ভগ৷ বস্তু ভাল কৰ্; যেনে, কঁহাৰে ভগা লোটা অঁ-তাইছে; যুগুত কৰ্, প্ৰস্তুত কৰ্; যেনে, বেজেদৰব অঁ-তায়, to clean clear; to repair; to prepare.

অঁৰা, সংখ্যা (বং, গণ্ডা, চাৰি) চাৰিটাৰ লেখ, চাৰি (সৰু বস্তু লেখাত ব্যৱহৃত); যেনে, তামোল চাৰি অঁৰা, four.

অঁহীয়া, বি. (“আঁহ” চোৱাঁ) আঁহযুক্ত, fibrous.

অকঁটলা, বি. ( অং. অ, ন+ কঁটাল, কঁৰাল) নকঁটলা, ডাল-পাত-নুগুচোৱা (বাঁহ