পৃষ্ঠা:হেমকোষ.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কেট্‌কেটনি
কেত্‌কেতা।
২০১


কেট্‌কেটনি, স. শ. (অং. কেট্‌কেটা, খং কৰ্‌) খঙ্গেৰে দোষ ধৰা কাৰ্য, খিঙ্খিঙ্গিনি, scolding, sharp, rebuke.

কেট্‌কেটা, স. ধা. (অং. কট্‌কট্‌, টান বস্তুত কামোৰ মৰাৰ শব্দ) দোষ ধৰি খং কৰ্‌, গালি পাৰি ডাবি দি থাক্, to scold, to chide sharply or coarsely.

কেট্‌কেটীয়া, বি. খং কৰি গালি পাৰি থকা, দোষ ধৰি কটু কথা কৈ থকা, খঙ্গাল, scolding, apt to find fault, peevish.

কেট্‌কেট্‌ কৰে, ক্ৰি. বি.(সং. কিট, মলি) মলিনৰূপে; যেন, কেট্‌কেট কৰে কলা, dirtily.

কেণা, বি. (অং. কণা, চকু নথকা) পোকে বিন্ধা; যেনে, কেণা আম, bored by insects (sail of fruits). স. শ. কাপোৰ বা কাঠীৰ বস্তু বোৱাত হোৱা ভ্ৰম, বিমোৰ; এতেকে কথাৰ ভ্ৰম, অসঙ্গত কথা, a mistake made in weaving or braiding; an impropriety of speech, an incorrect expression.

কেতকী, স. শ. (স. কিন্তু জানা, বহু দূৰতে গন্ধৰ দ্বাৰা জনা যায়, এতেকে কেতেকী 77, a fragrant tower, (Paudamus udoratissinns).

কেতিয়া, কা. স. (সং. কৃদা, কাহানি। কোন সময়, কাহানি, what time. ক্ৰি. বি. কোন সময়ত, ylhen. কেতিয়াও, কি, বি, কোনো কালতো, পাচত এটা না-পদ থাকে; যেনে, কেতিয়াও ock, (is {n}lowed by a negative and means) never'. কেতিয়া-কেতিয়াবা, ক্ৰি. বি. কোনো-কোনো সময়ত, মাজে-সাজে, tow and thell, sometimes. কেতিয়াকৈ, কি, বি, কোন সময়ত, when. কেতিয়াবা, কা. স. কোনো এক সময়, a certain time. ক্ৰি. বি. কোনো এক সময়ত, ০ecasionally. কেতু, স, শ. (সং. চা, পূজা ক+তু, প্ৰত্যয়। ( জ্যোতিষৰ মতে) এটা এই; (পুৰাণৰ মতে) সিংহিকা বাসীৰ পুতেকক বিষ্ণুৱে চক্ৰেৰে কাটিলত ভাৰ মূৰটো বহু আৰু গাৰি ডোখৰ “কেতু” হল; পাচত বিষ্ণুৱে বৰ দি দুইকো গ্ৰহ কৰিলে। 017, m froin Rel a banner, standard, a flag, 2 a mark, a sign, a symbol. 3 (in mythology) the name of an Asura ordemon, 1. Ketu, the dragon's tail. 5 (in astronomy) the ninth of the planets. কেতে, বি. স. {সং. কতি, কিমান) কিমান, tcrry much, low many কেতটি,বি. স. (অং. কেতেক+টি, উপশ.) কেটি, কেনি, কিছুমান, some, a fever.

(সোধা অৰ্গত) কিমান,

}w many,

কেতেকী, স. শ. (সং. কেতকী। এবিধ ফুল, a kind of flower. কেতেকী-কঁঠাল, স. শ. কেতেকী-ফুলৰ গছৰ নিচিনা এবিধ গছৰ ফল, মাটিকঁঠাল, ১৪ pine-apple.

কেতেকী,
কেতকী-চৰাই
, স. শ. ঘাম-কালি “অ কেতেকী” এনে মাত মতা এবিধ চৰাই, a kind of summer bird.

কেতেৰীয়া, বি. ( অং, কঁতৰা, পহুৰ শিঙ্গৰ ডাল ) জটিল, পোন নোহাৱা, বান্ধ নিছিগা, পাক লগাই কোৱা বা লিখা; যেনে, কেতেৰীয়া কথা; একে কথাকে পুনঃ পুনঃ কোৱা, কথা এৰি নিদিয়া; যেনে, কেতেৰীয়া মানুহ, complicated, involved, repeating the same thing over and over, not disposed to come to a conclusion.

কেতো, বি. স. ( সং. কিম, কোন ) কোনো, Some.

কেত্কে‌তা, স, ধা. ( অং. কেত্‌কেত্‌, হাতেৰ পানীত আঘাত কৰিলে হোৱা শব্দ) হাতেৰে বা ভৰিৰে ঘোদাল, এতেকে বহু বেলিলৈকে হাতেৰে বা ভৰিৰে লাৰি-চাৰি থাক, (পানীত খাটে ), to stir up with the hand or foot, as water or mud, to continue to lave in. }}