পৃষ্ঠা:হেমকোষ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৷৹

বাজ; সিহঁতক কেৱল উচ্চাৰণ অনুসৰি লিখা হে ভাল, আৰু এই অভিধানত লিখাও গৈছে; যেনে, দণ্ড, ডাঁৰ, ইত্যাদি।

জ, ঝ, এই দুটা আখৰো অসমীয়াত একে দৰেই উচ্চাৰিত হয়; তথাপি যিবিলাক শব্দৰ মূলত ঝ আছে, সেইবিলাকৰ বৰ্ণবিন্যাসতো আমাৰ উচ্চাৰণ অনুসাৰে জ আৰু মূল ঠিক ৰাখিবলৈ ঝ ব্যবহৃত হৈছে; যেনে, সং. ঝিঙ্গাক, অং. জিকা আৰু ঝিকা; সং. ঝিল্লী, অং. জিলী আৰু ঝিলী, ইত্যাদি। ইয়াত একো দোষ দেখা নেযায়; কিয়নো অন্যান্য ভাষাতো দুই বা অধিক প্ৰকাৰে লিখা শব্দ বিস্তৰ আছে। কিন্তু তেনেবিলাক শব্দ লিখোঁতে ভাল লেখকবিলাকৰ অনুগামী হোৱা উচিত।

কিন্তু হিন্দীৰ বা বঙ্গালীৰ পৰা ওলোৱা যিবিলাক শব্দ বহুকাল অসমীয়া ভাষাত চলি থকা হেতু তাৰ অঙ্গস্বৰূপ হৈছে, সেইবোৰক, সিহঁতৰ মূলৰ ঝ বা ড আখৰৰ সলনি আমাৰ উচ্চাৰণৰ দৰে কেৱল জ বা ৰ দি লিখা উচিত; যেনে, বং. মাঝ, অং. মাজ; বং. বুঝন, অং. বুজন; বং. ফড়িং, অং. ফৰিং; (সং. ভাণ্ডাগাৰ), হিং. ভণ্ডাৰ, বং. ভাণ্ডাৰ, অং. ভঁৰাল; হিং, থপ্ড়া, অং. থাপৰ; হিং. জাড়া, অং. জাৰ (শীত); হিং. ঝাল, অং. জাল, ইত্যাদি।

আমাৰ ভাষাত যেনেকৈ শ, ষ আৰু স এই কেইটা আখৰৰ উচ্চাৰণৰ একো প্ৰভেদ নাই, তেনেকৈ চ, ছ, ই (ি), ঈ (ী) আৰু উ (ু), উ (ূ), ইহঁতৰো প্ৰত্যেক যোৰৰ উচ্চাৰণৰ একো বিভিন্নতা নাই; এতেকে শব্দৰ মূল ঠিককৈ ৰাখিবৰ প্ৰয়োজন নহলে স, চ, ই (ি) আৰু উ (ু) মাথোন ব্যবহাৰ কৰা উচিত। কোনো কোনো অসমীয়া লেখকৰ মতে শ, ষ বা “স” ৰে লিখা হিন্দী বা বঙ্গালী, S থকা ইংৰাজী বা “চিন” আখৰ যুক্ত ফাৰ্চী শব্দ অসমীয়াত লিখোঁতে সেই কেইটা আখৰৰ সলনি ছ লিখা বিহিত, কিন্তু এইটো মত যুক্তিসঙ্গত নহয়; কিয়নো ওপৰত কোৱা গৈছে যে আমাৰ ভাষাত চ, ছ, দুইৰো একে উচ্চাৰণ, একো প্ৰভেদ নাই; এনে স্থলত “চ”ক এৰি ছ লিখিবৰ একো কাৰণ দেখা নেযায়। কেৱল মুছলমান শব্দ এই নিয়মৰ বাজ; কাৰণ শিক্ষিত বঙ্গালী মুছলমানেও মুছলমান লিখে। এতেকে সেই শব্দকে মূল বুলি আমি মতাৰ দৰে মুছলমান লিখা অযুগুত যেন বোধ নহয়।

দুটা বা অধিক শব্দৰ বৰ্ণবিন্যাস একে হলে সিহঁতৰ এটাক আনটোৰ পৰা পৃথক কৰিব নোৱৰাৰ নিমিত্তে কোনো ঠাইত পঢ়োঁতাৰ মনত অৰ্থৰ কথাত আশঙ্কা জন্মিব পাৰে; এতেকে প্ৰত্যেক শব্দৰ বৰ্ণবিন্যাস বেলেগ হব লাগে।*

এই অভিধানত, পৰা যায় মানে এই মূল মত (principle) পালন কৰা গৈছে৷ তাৰ উদাহৰণ -- সং. হড়িক (এটা অন্ত্য জাতি) আৰু হড়ি, ( জন্তুৰ দুটা ঠেং গোটাই


  • অস্থি বুজোৱা হড্ড শব্দৰ অপভ্ৰংশ হাড় শব্দক যদি আমাৰ উচ্চাৰণ অনুসৰি হাৰ লিখা যায়, তেন্তে তাৰ আৰু মূলৰ দৰে লিখিত, ডিঙ্গিৰ অলঙ্কাৰ বুজোৱা “হাৰ” শব্দৰ মাজত একো প্ৰভেদ নেথাকে; তলত অমুকাৰ “হাৰ ছিগিল” এনেকৈ লিখিলে ভাৰ অস্থি ভাগিল নে অলঙ্কাৰ সুলকিল বুজা টান হব। সংস্কৃত ভাষাত তেনে শব্দ বিস্তৰ আছে, আৰু অনেক ঠাইত অৰ্থৰ বিষয়তো আশঙ্কা জন্মায়।