পৃষ্ঠা:হেমকোষ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভালকৈ মন দি পঢ়ি মনত ৰাখিব লগীয়া কথা
বর্ণবিন্যাসৰ নিয়মবিলাক।

আমাৰ ভাষাৰ বৰ্ণবিন্যাস তিনি প্ৰকাৰে কৰা যায়। প্ৰথমে উচ্চাৰণ অনুসৰি; দ্বিতীয়ত মূল শব্দৰ দৰে, তৃতীয়ত জনা লোকসকলে বহুদিন চলোৱা নিয়ম মতে। কিন্তু বৰ্ণ বিন্যাসৰ কথাত উচ্চাৰণেই খাই বাট দেখাওতা। এতেকে যদি মূল শব্দৰ আখৰ ৰাখিলে কোনো অসমীয়া শব্দৰ উচ্চাৰণ লৰে, তেনে হলে তাৰ মূললৈ নেচাই উচ্চাৰণৰ অনুগামী হব লাগে। এই কাৰণ সংস্কৃত "মসুৰ" শব্দক আমাৰ উচ্চাৰণ অনুসাৰে "মচুৰ" লিখা কৰ্ত্তব্য়, আৰু এই অভিধানত লিখাও গৈছে। সেই দৰেই সং. প্ৰৱীণ, অং. প্ৰবীণ; সং. বৰ্ত্তি, অং. বন্তি; সং. ৱৰ্ণৱিন্য়াস, অং. বৰ্ণবিন্য়াস; সং. ৱেদ, অং. বেদ্, বং. সজিনা, অং. চজিনা; হিং. আৰ্সী, অং. আৰ্চী, ইত্য়াদি। ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দকো আমাৰ উচ্চাৰণৰ দৰে লিখা উচিত; যেনে, চাহাব, বৃটিচ, ৰুচিয়া, ইত্য়াদি। মূল শব্দৰ যি আখৰ ৰাখিলে অসমীয়া শব্দৰ উচ্চাৰণৰ ব্য়তিক্ৰম নহয়, তাক মূলৰ দৰে লিখিব লাগে; যেনে, সং. কৰ্ণ, অং. কাণ; সং. ছাত্ৰ , অং. ছাতৰ; সং. ষোড়শ, অং. ষোল; সং. সপ্ত, অং. সাত; ইত্য়াদি। অনেক দিন চলি থকা নিয়ম -- ভৰি (চৰণ), গোটেই গাৰ ভৰ ইয়াত আছে, এই ভাবত তাৰ সেই নাম হৈছে; এতেকে তাক ভৰী লিখা উচিত; কিন্তু "ভৰি" এই দৰে লিখা ৰীতি বহুদিন চলি আছে, আৰু সেইৰূপে লিখাৰ পৰা উচ্চাৰণ নলৰে। এই কাৰণ তাৰ বৰ্ণবিন্যাসৰ পৰিবৰ্ত্তন অনাবশ্যক, আৰু বাঞ্ছনীয় নহয়। এই বিধৰ আৰু কিছু শব্দ আছে।

সংস্কৃত আদি ভাষাত “ড”ৰ কঠিন “ৰ”ৰ নিচিনা এটা উচ্চাৰণ আছে; যেনে, সং. ষোড়শ, বড়ৱা; বং. বড়িয়া, বাড়াবাড়ি, ইত্যাদি। কিন্তু সৰহ ভাগ অসমীয়াৰ মুখত ড, তাৰ তেনে উচ্চাৰণৰ সলনি, সাধাৰণ “ৰ”ৰ দৰে হে উচ্চাৰিত হয়। এতেকে যদিচ সেইবিলাক ভাষাৰ কোনোটোৰ পৰা ওলোৱা অসমীয়া শব্দত কঠিন “ৰ” ৰ দৰে মাতিব লগীয়া “ড”ৰ সলনি আমাৰ উচ্চাৰণ অনুসৰি ৰ মাথোন ব্যৱহাৰ কৰা যুগুত; তথাপি সেই দুটা উচ্চাৰণ অলপ হে লৰ; এই কাৰণ তেনে বিলাক শব্দক এই অভিধানত সিহঁতৰ মূল ঠিক ৰাখিবলৈ ড, আৰু অসমীয়া উচ্চাৰণ অনুসাৰে ৰ দি দুয়ো প্ৰকাৰে লিখা গৈছে; যেনে, সং. গুড়, অং. গুড়্ আৰু গুৰ্; সং. কাণ্ড্, অং. কাঁড়্ আৰু কাঁৰ্ ; সেই দৰেই সং, মুণ্ড, অং. মুড় আৰু মুৰ; সং, ষণ্ড, অং. ষাঁড়্ আৰু ষাঁৰ্, ইত্যাদি। কিন্তু দণ্ড আদি শব্দৰ অপভ্ৰংশ কিছু শব্দ এই নিয়মৰ


  • এই কথা মনত ৰাখিব লাগে যে যদিচ আমি সংস্কৃত পুথি পঢ়োতে সেই ভাষাৰ নিয়ম মতে শ, ষ আৰু স, এই কেইটা আখৰক চ উচ্চাৰণ কৰোঁ; তথাপি অসমীয়াত চলিত সংস্কৃত শব্দত সিহঁতৰ উচ্চাৰণ অসমীয়া।