পৃষ্ঠা:হেমকোষ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অসমীয়া আৰু ইংৰাজী, দুয়ো ভাষাৰে অৰ্থ লিখা গৈছে, সিও ওপৰত কোৱা কাৰণতে বাহিৰলৈ ওলাব পৰা নাই, ভিতৰতে ভেঁকুৰিছে। সেই দুখান অভিধান পৰি থাকোঁতেও এই ক্ষুদ্ৰ অভিধান সংগ্ৰহ কৰাৰ কাৰণ এই যে আমাৰ গাৱঁলীয়া পঢ়াশালিবিলাকৰ কাৰণ এখান ইংৰাজী অৰ্থ নথকা সৰু অভিধানৰ প্ৰয়োজন আছে। সেই বোৰত ই চলিব পাৰিব; আৰু ডাঙ্গৰ নোহোৱা হেতু ইয়াৰ ব্যয়ো কম হব; এতেকে ইয়াক অনেকে কিনা সম্ভব। সেয়ে হলে ইয়াৰ বাবে কৰা শ্ৰম আৰু ব্যয় নিৰৰ্থক নহয়। ইয়াক যদিচ “পঢ়াশলীয়া” অভিধান নাম দিয়া গৈছে তথাপি সম্প্ৰতি গাৱঁলীয়া পঢ়াশালিত ব্যৱহৃত পুথিবোৰত থকা শব্দবিলাকৰ বাহিৰেও ইয়াত বিস্তৰ অসমীয়া শব্দ আছে; আৰু অকল প্ৰতি শব্দ বা ব্য়াখ্য়াৰ দ্বাৰা যি শব্দৰ অৰ্থ ভালকৈ হৃদয়ঙ্গম নহয়, তাক যি ভাবত ব্য়ৱহাৰ কৰা যায়, তাৰ উদাহৰণ দি বুজাবলৈ চেষ্টা কৰা গৈছে; এতেকে এতেকে ই অকল পঢ়াশলীয়া ছাতৰৰ নহয়, আনৰো উপকাৰ সাধিবলৈ সক্ষম হব এনে আশা কৰিব পৰি। যদিও লেখকে ইয়াক সৰ্ব্বাঙ্গ সুন্দৰ কৰিবলৈ পাৰেমানে যত্ন কৰিছে, তথাপি ই গোটেই দোষশূন্য বা সম্পূৰ্ণ হৈছে, তেওঁৰ মনত এনে বিশ্বাসে ঠাই পোৱা নাই; কিয়নো এনেবিলাক কাৰ্য্য়ে প্ৰথম বাৰতে শ্ৰেষ্ঠতা লভিব নোৱাৰে, ইয়াক তেওঁ ভালকৈ জানে। যেনেকৈ সোণৰ পৰীক্ষাৰ উপায় জুই তেনেকৈ পুথিৰ পৰীক্ষক পাঠক। এতেকে ইয়াৰ গুণাগুণৰ বিচাৰৰ ভাৰ বিজ্ঞতম্ পাঠকবিলাকক দি লেখকে এই মাত্ৰ প্ৰাৰ্থনা কৰে সে যে কোনো জনে ইয়াত কোনো স্বৰূপ দোষ দেখিলে যেন তেওঁক জনায়। তাকে কৰিলে সেই ভদ্ৰলোকজনৰ শলাগলৈ ইয়াক পুনৰায় ছপাবৰ সময়ত সেই দোষ গুচাবলৈ কাৰবাৰ কৰা যাব। হেমকোষ সংগ্ৰহ কৰোঁতে লেখকে ব্ৰন্সন্ চাহাবৰ অভিধানৰ সাহায্য় বিচাৰিছিল; কিন্তু ওপৰত কোৱা কাৰণৰ নিমিত্তে তাৰ পৰা অধিক সহায়তা পোৱা নগল; তথাপি তাত বিস্তৰ অসমীয়া শব্দ থকা হেতু লেখকৰ শব্দ সংগ্ৰহৰ পৰিশ্ৰম অনেক ওণে লঘু হল। ই সামান্য লাভ নহয়। অৰ্থৰ কথাত যদিচ তাৰ পৰা পোৱা সাহায্য নিচেই কম; তেও সি সেই বিষয়ত মুঠেই উপকাৰ কৰা নাই বুলিব পৰা নেয়ায়। ব্ৰন্সন্ চাহাবৰ অভিধানত বাজে লেখকে উইলচনৰ সংস্কৃত ইংৰাজী অভিধান, টম্পচনৰ হিন্দী আৰু উৰ্দ্দূ-ইংৰাজী অভিধান আৰু মজে সময়ে কেৰীৰ বঙ্গালী-ইংৰাজী অভিধানো চাইছিল, আৰু সেইবোৰৰ পৰাও কিঞ্চিৎ উপকাৰ লভিছিল, এতেকে এই সুচলতে, সিবিলাকৰ সকলোৰে শলাগ লৈ এই পাতনি সমাপ্ত কৰা গল। *

গুৱাহাটী।

আঘোন, ১৮১৪ শক।

শ্ৰীহেমচন্দ্ৰ বৰুৱা।

  • গ্ৰন্থকাৰে “হেমকোষৰ” নিমিত্তে পাতনি বেলেগকৈ লেখা নাছিল; “পঢ়াশলীয়া” অভিধানৰ নিমিত্তে যি পাতনি লেখিছিল সেয়েই “হেমকোষতো” হব বুলি উল্লেখ কৰি যোৱাত, তাকে “হেমকোষৰ" পাতনি স্বৰূপ দিয়া গল। সম্পাদক।