পৃষ্ঠা:হেমকোষ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।


 ভাষা শিকিবৰ ঘাই উপায় ব্যাকৰণ আৰু অভিধান, ইয়াক সকলোৱে জানে। কিন্তু, যদিচ অসম দেশত অসমীয়া ভাষা বহুকালৰ আগৰ পৰা চলি আহিছে; তথাপি এই দেশৰ কোনো লোকৰ দ্বাৰা তাৰ ব্যকৰণ বা অভিধান ৰচিত হোৱা নাছিল। পূৰ্ব্বকালত হিন্দুবিলাকে সংস্কৃতক আদৰ আৰু দেশী ভাষাক হেয় কৰাই ইয়াৰ কাৰণ। পাচে অসম দেশ ইংৰাজ জাতিৰ হস্তগত হলতো দেশাধিকাৰবিলাকৰ ভ্ৰমত বঙ্গালী ভাষা অসমীয়াৰ মাতৃভাষাৰূপে পৰিগণিত হোৱা হেতু অসমীয়া ভাষাই ৰাজসভা আৰু পঢ়াশালিত সোমাবৰ অধিকাৰ নেপালে। এই কাৰণ তেতিয়াও তাৰ উন্নতিৰ নিমিত্তে যত্ন নোহোৱা একো আচৰিত নহয়। কিন্তু সুভাগ্যৰ গুণে এতিয়া সেই ভ্ৰম কিছু পৰিমাণে গুচিছে।
 ১৭৮১ শকত এই লেখকে এখান ব্যাকৰণ ৰচনা কৰাত আমেৰিকাৰ মিস্যনেৰিবিলাকে তাক ছপাই প্ৰকাশ কৰে। সি এতিয়া তৃতীয় ভাঙ্গৰণত সোমাইছে। তাৰ পাচত আন কোনো কোনো লোকেও ব্যাকৰণ ৰচি প্ৰচাৰিত কৰাত তাৰ অভাব কপঞ্চিৎ দূৰ হৈছে। কিন্ত আমাৰ ভাষাৰ অভিধান মুঠেই নাই বুলিলেও গোটেই মিছা কোৱা নহয়; কিয়নো যদিও শিৱসাগৰৰ মিস্য়নেৰিবিলকে এই ভাষাৰ এখান অভিধান যুগুত কৰিবলৈ বিস্তৰ দিন যত্ন কৰি বহুত শব্দ গোটোৱাত ১৮৬৭ খ্ৰীষ্টিয়ান শকত পাদ্ৰি ব্ৰন্সন্ চাহাবে তাক সমাপ্ত কৰি ছপালে; কিন্তু তাৰ বৰ্ণবিন্যাস সমূলি অশুদ্ধ আৰু অৰ্থৰ কথাতো সি যেনে হব লাগে তেনে নোহোৱা হেতু অসমীয়া শিকোঁতাবিলাকৰ তাৰ পৰা একো উপকাৰ হোৱা নাই, আৰু নহয়ো। এই অসুচল গুচাবৰ মনেৰে কিছু বছৰৰ আগেয়ে বৰ্ত্তমান লেখকে “হেমকোষ” নাম দি এখান ডাঙ্গৰ অভিধান যুগুত কৰে। তাত—নিশ্চয় কৰিব পৰা যায় মানে -- প্ৰত্যেক শব্দৰ মূল আৰু অসমীয়া প্ৰতি শব্দ বা ব্যাখ্যাৰ পাচত ইংৰাজী অৰ্থ দিয়া গৈছে। ইয়াত বাজে সমাৰ্থক শব্দবিলাকৰ ব্যাখ্যা আৰু উদাহৰণ, আৰু অৰ্থে সৈতে ভালেমান সদায় ব্যৱহৃত ভাবুক খণ্ড-বাক্য (idiomatical phrases) সন্নিবিষ্ট হৈছে। সংক্ষেপকৈ কব লাগিলে ওৱেবষ্টাৰৰ ইংৰাজী অভিধান তাৰ আৰ্হি; আৰু সেই পুথিকে চানেকি কৰি তাক লিখা হৈছে। কিন্তু সি ইমান ডাঙ্গৰ হৈ পৰিল যে ৰবিন্সন্ ক্ৰ্ৰুচোৰ নাৱৰ দৰে তাক অকলৈ লৰোৱা অসম্ভব হল। আমাৰ অকল ধন নাই এনে নহয় ছপা যন্ত্ৰও নথকাৰ নিচিনা। সৎসৰ্ব্বহ ভাঙ্গি তাক কলিকতাত ছপালেও, আজি কালি আমাৰ দেশৰ লোক সকলৰ নিজ ভাষালৈ যিমান আদৰ, তালৈ চাই, উচিত মূল্য দি তাক কিনোতা যে সৰহ ওলাব, এনে আশা কৰিব নোৱাৰি, এইবিলাক কাৰণৰ নিমিত্তে সি অজিলৈকে পোহৰ দেখা নাই, আন্ধাৰতে পৰি আছে।

 তাৰ পাচত সংক্ষিপ্ত “হেমকোষ " নামেৰে তাতকৈ সৰু এখান অভিধান প্ৰস্তুত কৰা যায়। তাত শব্দবিলাকৰ মূল, সমাৰ্থক শব্দ ,আৰু খণ্ড বাক্য নাই। কিন্তু