পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তোমাৰ তিৰোতাজনীক চাবা। শেষত এখন ডাঙৰ আৰ্চিত তোমাৰ মুখখন চাবা। হব প্ৰভু। মই গলো। ডাইনাপালীঃ ওজা

নন্দ ঘৰ পোৱাৰ লগে লগে ল’ৰা-ছোৱালীবোৰে চিঞৰ বাখৰ লগাতে পিতা মিঠাই আনিছ। পিতাই পেটলুং আনিছ। পিতাই কিতাপ আনিছ। ডাইনাপালী : সি বিৰক্ত হ’ল। পাখীটো কাষতলিত লৈ সি দেখে অতি আচৰিত। ওজা

তাৰ মৰমৰ ল'ৰা-ছোৱালীবোৰ আচলতে মানুহ নহয়,

কোনোৱাতো কুকুৰৰ পোৱালী, কোনোবাতোমেকুৰীৰ পোৱালী, কোনোটো শিয়ালৰ পোৱালী। ডাইনাপালীঃ এনেতে তাৰ ঘৈনীয়েক দৌৰি আহিল। ও মোৰ কাৰণে চোলা চাদৰ আনিছে? এইকেইদিন ক’ত আছিল?

পাখীটো লৈ নন্দই ঘৈনীয়েকৰ ফালে চালে। কিন্তু কি

আচৰিত। এইজনীটো মানুহ নহয়। ওজা ডাইনাপালী ঃ

এইটো দেখোন ধেকুৰনী কুকুৰ। সি দৌৰি ঘৰৰ ভিতৰলৈ গ’ল। আৰ্চিৰ সন্মুখত ঠিয় হৈ ওজা

নন্দই পাখীটো কাশতলিত লৈ নিজৰ মুখখন চালে কিন্তু কি আচৰিত ডাইনাপালী : সি দেখা পালে সিও মানুহ নহয়। তাৰ মুখখনবান্দৰৰ মুখ। সি এটা মলুৱা বান্দৰ। সি তেতিয়া বুজি পালে সন্যাসীয়ে বাৰে বাৰে কিয় তাক মানুহ হবলৈ আশীৰ্বাদ দিছিল। হাহিৰ টোপোলা- ৮২