ডাইনাপালী : এডাল ওখ শিমলু গছ দেখা পাবা। শিমলৰ ওপৰত এটা বুঢ়া শগুণ বাহত পৰি আছে · তাক কবা - ওজা
- হে শগুণ মহাশয়, সৈন্যাসী মোক পঠাই দিছে তেওঁক
এটুকুৰা মানুহৰ মাংস লাগে। যদি নাই বুলি কয় এটা পাখী দিবলৈ কৰা। ডাইনাপালী : সন্যাসীৰ কথামতে নন্দ নদীৰ পাৰে পাৰে গৈ থাকিল। কিচুদূৰ যোৱাৰ পিছত নদীৰ পাৰত অত তত মৰা মানুহৰ শ পৰি থকা দেখা পালে। ওজা
- মৰাশৰ মাজেৰে নন্দ গৈ গৈ শিমলুজোপা দেখা পালে৷
হয় ওপৰত শগুনটো আছে। ডাইনাপালীঃ ঐ বুঢ়া শগুন। মোক সন্যাসী পঠাই দিছে। তেওঁক হেনো এটুকুৰা মানুহৰ মাংস লাগে। ওজা ডাইনাপালীঃ
- মানুহৰ মাংস আতা জীয়াই থাকোতে এটুকুৰা খাবলৈ
পাইছিলো৷ তেতিয়াৰে পৰা মানুহৰ মাংস দেখাই নাই। হু অকৰ্মন্য বুঢ়া শগুন। নদীৰ পাৰত কিমান মৰা মানুহ পৰি আছে। সি মানুহৰ মাংস বোলে পোৱাই নাই। ঐ শগুন যদি মাংস নাই এটা পাখীকে দিব কৈছে। পাখী হু এইটো ল। ওজা
ডাইনাপালী : পাখীটো হাতত লৈ নন্দ আহি সন্যাসীৰ ওচৰ পালে আৰু ক’লে শগুনে বোলে সৰু কালতে এটুকুৰা মানুহৰ মাংস খাবলৈ পাইছিল। মাংস নাই এই পাখীটো দিছে।
- বাচা। এই পাখীটো লৈ ঘৰলৈ যোৱা। পাখীটো
কাশতলিৰ তলত লৈ তোমাৰ ল'ৰা-ছোৱালীবোৰ চাবা। হাহিৰ টোপোলা- ৮১ ওজা