এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
| হিচাবে মই খৰা জেঠাৰ নামটো প্ৰস্তাব কৰিলোঁ। | ||
| ডাইনাপালী | : | সকলোৱে হাত তালি দিলে। এইবাৰ মাল্য প্ৰদান। |
| ওজা | : | ওচৰতে পৰি থকা গৰু পেলোৱা বাহ এদালৰ পৰি থকা |
| পঘাৰে বান্ধি সভাপতিৰ মাল্যপ্ৰদান কৰা হ'ল। | ||
| ডাইনাপালী | : | সভাৰ উদ্দেশ্য। |
| ওজা | : | সভাপতি মহাশয়। পঠা সখী আৰু মই দুয়ো মিলি এখন |
| সমবায় খেতি কৰিছিলোঁ। | ||
| ডাইনাপালী | : | ধান পকাত। |
| ওজা | : | আপোনাক কৰ দিয়া নাই নহয়। মই কৈ আছো |
| মই কলো ধান মোৰ নৰা আপোনাৰ। | ||
| ডাইনাপালী | : | নহব। ধান মোৰ নৰা আপোনাৰ। |
| ওজা | : | সমাজে ৰায় দিয়ক। সমাজৰ ৰায় ধান শিয়ালৰ নৰা |
| ছাগলীৰ। | ||
| ডাইনাপালী | : | নহব। ধান ছাগলীৰ নৰা শিয়ালৰ। |
| ওজা | : | সখী। সমাজৰ কথা মানক। |
| ডাইনাপালী | : | নাই মই সমাজ নামানো। |
| ওজা | : | শুনক শুনক সভাপতি কৈছো ধান শিয়ালে পাব। |
| ডাইনাপালী | : | নাই। এই ৰায় মই নামানো। |
| ওজা | : | শিয়াল সমাজ কি চাই আছে পঠাক ধৰক। |
| ডাইনাপালী | : | বেঃ বেঃ কোৱাৰ লগে লগে চাৰিওফালৰ পৰা ধেকুৰা |
| বাহিনী আহি আক্ৰমণ কৰিলে শিয়ালবোৰক ধৰি। | ||
| ওজা | : | বখলা বখল কৰিলে। কিছুমান গাতত সোমাল। |
হাহিৰ টোপোলা- ৭১