পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হিচাবে মই খৰা জেঠাৰ নামটো প্ৰস্তাব কৰিলোঁ।
ডাইনাপালী : সকলোৱে হাত তালি দিলে। এইবাৰ মাল্য প্ৰদান।
ওজা : ওচৰতে পৰি থকা গৰু পেলোৱা বাহ এদালৰ পৰি থকা
পঘাৰে বান্ধি সভাপতিৰ মাল্যপ্ৰদান কৰা হ'ল।
ডাইনাপালী : সভাৰ উদ্দেশ্য।
ওজা : সভাপতি মহাশয়। পঠা সখী আৰু মই দুয়ো মিলি এখন
সমবায় খেতি কৰিছিলোঁ।
ডাইনাপালী : ধান পকাত।
ওজা : আপোনাক কৰ দিয়া নাই নহয়। মই কৈ আছো
মই কলো ধান মোৰ নৰা আপোনাৰ।
ডাইনাপালী : নহব। ধান মোৰ নৰা আপোনাৰ।
ওজা : সমাজে ৰায় দিয়ক। সমাজৰ ৰায় ধান শিয়ালৰ নৰা
ছাগলীৰ।
ডাইনাপালী : নহব। ধান ছাগলীৰ নৰা শিয়ালৰ।
ওজা : সখী। সমাজৰ কথা মানক।
ডাইনাপালী : নাই মই সমাজ নামানো।
ওজা : শুনক শুনক সভাপতি কৈছো ধান শিয়ালে পাব।
ডাইনাপালী : নাই। এই ৰায় মই নামানো।
ওজা : শিয়াল সমাজ কি চাই আছে পঠাক ধৰক।
ডাইনাপালী : বেঃ বেঃ কোৱাৰ লগে লগে চাৰিওফালৰ পৰা ধেকুৰা
বাহিনী আহি আক্ৰমণ কৰিলে শিয়ালবোৰক ধৰি।
ওজা : বখলা বখল কৰিলে। কিছুমান গাতত সোমাল।
হাহিৰ টোপোলা- ৭১