পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ফাদাৰ — পিতা (শহুৰ)
ইন – ভিতৰ
ল - আইন
ভিতৰলৈ নিয়া এইজন হে তোমাৰ আছল পিতা।
ওজা : আৰু জন্ম দিয়া পিতা জনক।
ডাইনাপালী : ঘৰৰ পৰা বাহিৰ কৰি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া।
ওজা : যদি মা আছে?
ডাইনাপালী : তীৰ্থলৈ নিম বুলি অচিনাকী ঠাইত এৰি আহিলেই হ’ল।
ওজা : ফাদাৰ ইনলৰ অৰ্থ এই। বাৰু আৰু এটা সুধিম। ওৱাইফ মানে কি?
ডাইনাপালী : বৰ হাহি উঠা কথা বিলাক সোধা হা।
ওজা : হক দিয়াচোন হাহি উঠা কি কোৱা?
ডাইনাপালী : ওৱাইফ মানে খুলশালী।
ওজা : সমাজে বুজি পাইছে তুমি ইংৰাজীত কিমান পণ্ডিত।
ডাইনাপালী : নাজনাই বুজিছে।
ওজা : তথাপি তোমাৰ ভুল শ্বিকাৰ নকৰ।
ডাইনাপালী : ভুল কৈৰলি হে চিকাৰ কৰিম?
ওজা : হেৰা ওৱাইফ মানে নিজৰ স্ত্ৰী।
ডাইনাপালী : ওৱাইফ মানে খুলশালী৷
ওজা : বুজাই দিয়া।
ডাইনাপালী : আচ্ছা, ওজা পৰিবাৰৰ মানে ওৱাইফৰ ভনীজনী
খুলশালী হয়তো।
হাহিৰ টোপোলা- ৬৪