পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ওৱাইফ মানে খুলশালী

ওজা  : এইবাৰ তোমাক মই কেইটামান ইংৰাজীৰ প্ৰশ্ন কৰিম।
 তুমি কোৱাচোন ডাইনাপালী ডাইনাপালী - গ্ৰেনফাডাৰ
 মানে কি?
ডাইনাপালী : গেল ফাডাৰ কিহৰ গেল ফাডাৰ হা। তোমাৰ কিবা
 ভুল হৈচি। আমি পঢ়াতে গেল ফাদাৰটো নাছিল।
ওজা  : বাৰু মানি ললো নাছিল। এইবাৰ কোৱা ফাদাৰ ইন ল
 মানে কি?
ডাইনাপালী :দেউতা।
ওজা :এইটোও নহয়। ফাদাৰ ইন ল মানে শহুৰ।
ডাইনাপালীঃ আচল দেউতা।
ওজা :আচল দেউতা মানে ফাদাৰ।
ডাইনাপালী :একে দে এট জি সেটুও। সেই সেটু জি এটুও সেই।
ওজা : একে বুলি কলে কেনেকৈ হ’ব। ফাদাৰ আৰু ফাদাৰ
 ইনলৰ মাজত পাৰ্থক্য আছে।
ডাইনাপালী :পাৰ্থক্য আছে।
ওজা : তেনেহ'লে তুমি পাৰ্থক্য দেখুৱাই দিয়া ডাঙৰ কোন?
ডাইনাপালী : ফাদাৰ ইনল।
ওজা :ফাদাৰক তুমি সৰু কৰিলা।
ডাইনাপালী :বিয়াৰ আগলৈ ফাদাৰ ডাঙৰেই আছি। বিয়াৰ পিছত
 যেতিয়া ফাদাৰ ইনল আহিল তেতিয়া ফাদাৰ সৰু হ’ল।
ওজা : তুমি সমাজে বেয়া পোৱা কথা কৈছা।

ডাইনাপালী :ৰবাহা বেয়া পাওৰু। চোৱা অৰ্থই কি কয়–

হাহিৰ টোপোলা- ৬৩