পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওজা  : ও আই আন্ধাৰ কৰি আইচি। বৰষুণ আনিব। ধানখিনি
 সোনকালে তুলক। মই কেৰাহিত মাছ বহাইচু এৰা
 দিবা নৰু।
ডাইনাপালী : হবদে মই পাৰিম দে।
ওজা  : শাহুৱেকে ডুকুলিত ধান ভৰাই মুৰত লৈ ঘৰৰ ভিতৰ
 সোমাই মজিয়াত ধান থব খুজিছে এনেতে -
ডাইনাপালীঃ বোৱাৰী মাতা দিছে। আই উই আই চি আই উই আই
 চি।
ওজা: বোৱাৰী ইংৰাজী ক’লে আই উই আই চি
ডাইনাপালীঃ ইতাও তুমি বুজা নাই।
ওজা  : নাইতো।
ডাইনাপালী :ধান মজিয়াত থব ধৰাত বোৱাৰী শাহুক সতৰ্ক কৰিছে।
  আই শাহুৱাইক সম্বোধন
 উই অৰ্থাৎ মজিয়াত উই পোকৰ শাৰি
 আইচি আহি আছে।
ওজা  : ইয়াতে ধান থলে উই পোকে ধানবোৰ খাব নষ্ট কৰিব।
ডাইনাপালী :বুজি পাইচা না ওজা?
ওজা  : এইটো ইংৰাজী শব্দই নহয়।
ডাইনাপালী : আগতে নহয় বুলি কিয় কব পৰা নাই৷
 এই বিলাকে ডাইনাপালীৰ বুদ্ধি।

 ***  ***  ***

হাহিৰ টোপোলা- ৬২