পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ওজাঃ ঐ মহাপণ্ডিত। ল ৰ পাছত এই ডিগ্ৰী পাছ কৰিছ।
ডাইনাপালীঃ কি হ'ল?
ওজাঃ বুজা গেছি তুমি ইংৰাজীত কিমান পাকৈট।
ডাইনাপালীঃ ওজা। সেনাই কথা নকবা। ইতে মুখ মেলি দিবা।
ডাইনাপালীঃ মই এটা ইংৰাজী কম। তুমি কথাতু অসমীয়া কৰি দিব
 লাগিব।
ওজাঃ বাৰু কোৱা?
ডাইনাপালীঃ শুইনবা আই উই আই চি ইটা তুমি অসমীয়াত কব
 লাইগব।
ওজাঃ আই উই আই চি হেয় এইটু একো ইংৰাজী হোৱাই
 নাই৷ মই কিয় তোমাৰ ইংৰাজীৰ অৰ্থ কোনোৱে কৰিব
 নোৱাৰে।
ডাইনাপালী : সেই কাৰণে কৈছো মোৰ মৈৰা ইংৰাজী তুনহাৰ দৰে
 সেমঠা ইংৰাজী নহয়।
ওজাঃ এনে ইংৰাজী আমি শুনাই নাই।
ডাইনাপালীঃ কিয় ইতা মুখ মেলি দিছা?
ওজা : যি হওক এতিয়া তোমাৰ ইংৰাজীৰ অৰ্থ তুমি ৰাইজক
 নিজে বুজাই দিব লাগিব।
ডাইনাপালী : কাহিনী তু ওজা এনাই ধৰণৰ। আক ঘৰৰ শাহু বোৱাৰী
 বোৱাৰী গেছি ভাত ৰাইন্ধবা। শাহুৱেকে চতালত ধান
 মেলি দিছি। হেন সময়তে বাপা পশ্চিমৰ পাই আন্ধাৰ

 কৰি আই চি।

হাহিৰ টোপোলা-৬১