পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘটে। যিহেতু ওজাপালীলে ধৰ্মীয় পদ কাহিনীৰ মাজেৰে হাঁহিৰ খোৰাক যোগাবলৈ ৰচনা কৰা পদসমূহ মৌখিক আৰ্হিত থাকে। গতিকে কাহিনীবোৰৰ উদ্ধাৰে আমাৰ সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰে।

 আজিৰ পৰা দুমাহ আগত (১১জুলাই, ২০২১ ইং) দেওবাৰে ৰাজহুৱাভাৱে কোৱা এইষাৰ কথাই প্ৰভাত হালৈ ডাঙৰীয়াক প্ৰেৰণা যোগালে আৰু অতি কম দিনৰ ভিতৰতে তেঁওৰ নিজৰ সৃষ্টি হাঁহিৰ খোৰাক যোগোৱা কথনসমূহ লিখি উলিয়ালে। ‘হাঁহিৰ টোপোলা’ নামৰ এই সংকলনখনি প্ৰভাত হালৈ ডাঙৰীয়াৰ এক অনন্য সৃষ্টি হিচাপে জিলিকি থাকক। এই কাহিনী কথন সমূহৰ মাজত আমাৰ হেৰাই যাব ধৰা যথেষ্ট শব্দ সম্ভাৰ সংৰক্ষণ হৈ থাকিব। পৰৱৰ্ত্তী দিনত লোক-সংস্কৃতি, লোক ভাষাৰ গৱেষণা কাৰ্যত এই গ্ৰন্থখনে বিশেষ সহায় কৰিব পাৰিব বুলি আমি নিশ্চিতভাৱে কব পাৰো।

 প্ৰভাত হালৈ ডাঙৰীয়াৰ এই মহান প্ৰচেষ্টাৰ আমি শলাগ লৈছো। বিশেষকৈ নলবাৰী জিলা সাহিত্য সভাই প্ৰভাত হালৈ ডাঙৰীয়াক এক বহল ক্ষেত্ৰলৈ উলিয়াই অনাৰ ক্ষেত্ৰত যি কাৰ্য সম্পাদনা কৰি গৈছে তাৰ বাবে নলবাৰী জিলা সাহিত্য সভা ধন্যবাদৰ পাত্ৰ। এগৰাকী স্বভাৱমূলক লোকশিল্পী তথা সাহিত্যিকে সাহিত্যিক পেঞ্চন পোৱাৰ যোগ্য ব্যক্তি। নলবাৰী জিলা সাহিত্য সভাই অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভৰ দিশত প্ৰভাত হালৈ ডাঙৰীয়াক আগবঢ়াই দিব পাৰে। আমাৰ দৃষ্টিত এগৰাকী লোকশিল্পীয়ে নিজৰ প্ৰচেষ্টাত কুৰিখনৰো অধিক গ্ৰন্থ ৰচনা কৰা কাৰ্য অসমতে বিৰল।

 সদৌ শেষত লোকশিল্পী, লেখক প্ৰভাত হালৈৰ লগতে তেখেরতৰ অমূল্য গ্ৰন্থ ‘হাঁহিৰ টোপোলা’লৈ আমাৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। আমাৰ আশা প্ৰভাত হালৈ ডাঙৰীয়াই আমাৰ সমাজৰ অৱহেলিত আৰু সিঁচৰিত হৈ পৰা অমূল্য সম্পদবোৰ সংৰক্ষণ কৰি যাওঁক। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

॥ চিৰ চেনেহী মোৰ ভাষা জননী॥

ধন্যবাদেৰে-
ড°উপেন্দ্ৰজিৎ শৰ্মা
পত্ৰিকা সম্পাদক, অসম সাহিত্য সভা
মুৰব্বী অধ্যাপক, অসমীয়া বিভাগ,
ভোলানাথ মহাবিদ্যালয়, ধুবুৰী