পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা

তই ঠিকেই শুনিছা পিতা, মই মহাজনৰ জীয়েক চম্পাক

NAGS বিয়া কৰাম। ডাইনাপালীঃ তই নাজানা আজি বিশ বছৰ মহাজনৰ লগত মোৰ মাটিৰ কেচ, আৰু তই সেই.. ওজা 8 কেচ তহতৰ হে, আমাৰটো নহয় আৰু এটা কথা কও পিতা, যদি তই মোক চম্পাক বিয়া কৰাব নিদিয়া। মই চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই যাম। ডাইনাপালী : বাৰু তই নামান যেতিয়া যি কৰ কৰ। কিন্তু যিদিনা মহাজনৰ জীয়েক মোৰ দোষত পৰিব সিদিনাই তাইক ঘৰৰ পৰা বাহিৰ কৰি দিম। ওজা

মনৰ সমৰ্থন নহলেও একমাত্ৰ পুত্ৰ বুলি বিয়াখন

আয়োজন কৰিব লগা হ'ল। ডাইনাপালীঃ ওজা

ডাইনাপালী : বিয়াখন শেষ হ’ল। কিন্তু বুঢ়াৰ জেদহে শেষ নহ'ল৷ বুঢ়াই সদায় বোৱাৰীক চিদ্ৰত পেলাবলৈ যত্ন কৰি থাকিল। এদিনাখন বোৱাৰী পানী আনিবলৈ গৈ বাটতে কলহটো ভঙাত হাতত ভঙা কলহৰ কানটো লৈ ঘৰলৈ উভতি আহিল। ওজা

বুঢ়াই ভাবিলে এইয়াই সোণালী সুযোগ।

ডাইনাপালীঃ হেৰ বোৱাৰী হৰিহৰ চক্ৰে যে বীৰ উপজিল, তাপিত কৰ্ণৰ বাপে। হুতাশন মুখে যি বীৰ উত্তৰিল সে বীৰ পৰিল কেমন বিপাকে॥ হাহিৰ টোপোলা- ৪৯