পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ডাইনাপালী : কেনেকৈ?

ওজা: মোৰ তলত থকা সাত ৰজাৰ ধনেৰে তুমি ধনী গৈ গলা।

ডাইনাপালী : নাই ইমান কষ্ট কৰিব নোৱাৰো? কদাল, খণ্টা ধৰি গাত
খান্দি ধন উলিয়াব নোৱাৰো মই।

ওজা : নহয় তুমি ধনবোৰ লৈ যোৱা?

ডাইনাপালীঃ মই বিনা কষ্টে ধনী হম।

ওজা : বোপা তুমি সন্যাসীৰ ওচৰৰ পৰা আহিলা।

ডাইনাপালী : হয়? সন্যাসীজনে কলে মই বিনা কষ্টে ধনী হম।

ওজা : আৰু কিবা প্ৰশ্ন আছিলনে?

ডাইনাপালী : এটা বৰালী মাছৰ গলত এটুকুৰা হীৰা লাগি ধৰিছিল।

ওজা : চাও হীৰা টুকুৰা কেনেকুৱা?

ডাইনাপালী: মই হীৰা অনা নাই। তাৰ মুখত হাত ভৰোৱা কষ্ট মই
কৰিব নোৱাৰো।
ওজা: আৰু কিবা প্ৰশ্ন?
ডাইনাপালীঃ এজোপা আপেল গছৰ তলত সাত ৰজাৰ ধন পুতি থোৱা আছে। সেই ধনখিনি উলিয়াই দিলে গছজোপা ফলে ফুলে জাতিস্কাৰ হ’ব।

ওজা: তুমি বৰ ভাগ্যৱান, সাত ৰজাৰ ধনেৰে তুমি ধনী হলা।
ধনবোৰ আনি কত থলা।

ডাইনাপালী: ধন মই অনা নাই। ইমান গাত খন্দা কষ্ট মই কৰিব
নোৱাৰো।

ওজা : মোৰ বিষয় কিবা সুধিলানে?

হাহিৰ টোপোলা- ৪৭