পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 অভিমত...

 বিশিষ্ট লোক-সংস্কৃতিৰ সাধক প্ৰভাত হালৈৰ শেহতীয়া পুথি ‘হাঁহিৰ টোপোলা’খন ব্যতিক্ৰমধৰ্মী পুথি। জীৱনৰ অধিককাল তেখেতে ‘ওজাপালী’ লোক-কৃষ্টিৰ সৈতে জড়িত হৈ আছে। অসমৰ লোক-পৰিৱেশ্য কলা ওজাপালীৰ নৃত্য-গীত অংশক বাদ দিলে বহু পৰিমানে ইয়াক নাটক যেন লাগে। ওজাপালীৰ নাট্যাংশত অতি গুৰুত্বপূৰ্ণ ভূমিকা লয় ডাইনাপালীয়ে। ডাইনাপালীজনক আধুনিক নাটকৰ কমেডিয়ান বুলি ক’ব পাৰি। লোকনাট্যৰ হাস্যৰস কথোপকথনৰ মাজেৰেহে প্ৰৱাহিত হয়। বিভিন্ন অংগী-ভংগী, খুহুতীয়া কথা, পেৰডি, বক্ৰোক্তি, ঠাট্টা-বিদ্ৰুপ আদিৰে ওজাপালীয়ে পৰিৱেশন কৰা আধ্যাত্মিক গীত পদৰ মাজতে ডাইনাপালীৰ নেতৃত্বত এক হাস্যমধুৰ পৰিৱেশৰ সৃষ্টি কৰা হয়। ডাইনাপালীজনৰ মাধ্যমেদি ওজাপালীয়ে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে আধুনীক গীত, নৃত্য, কথোপকথনৰ জৰিয়তে দৰ্শকক আনন্দ প্ৰদান কৰে। ডাইনাপালীয়ে ওজাই মূল আখ্যান গাই থাকোতে মাজতে ডাইনাপালীয়ে অপ্ৰাসঙ্গিক বা প্ৰাসঙ্গিকভাৱে কেতিয়াবা দিস্তান, ফকৰা-যোজনা বা সাঁথৰৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে।

 প্ৰভাত হালৈয়ে বহু বছৰ ধৰি ডাইনাপালী হিচাপে ওজাপালী অনুষ্ঠান অসমৰ ভালেমান ঠাইত পৰিৱেশন কৰি আহিছে। জীৱনত দৰ্শকক হাস্যৰস প্ৰদান কৰিবলৈ তেখেতে যিবোৰ শব্দ, গীত-মাত, সংলাপ পৰিৱেশন কৰিছিল সেইবোৰ থুপাই লৈ ‘হাঁহিৰ টোপোলা’খন লিখি উলিয়াইছে। তেখেতৰ এই প্ৰচেষ্টা অতি আদৰণীয় আৰু প্ৰশংসনীয় আৰু ব্যতিক্ৰমধৰ্মী। আশা কৰো পূৰ্বৰ গ্ৰন্থবোৰৰ নিচিনাকৈ এইখন গ্ৰন্থও পঢ়ুৱৈ সকলৰ মাজত সমাদৃত হ’ব।

 

কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য
অসম সাহিত্য সভা