পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাগুৰা চুৰ ওজা

শুনিছেনে ৰাস্তাৰ ফালে চাওকচোন৷ আমাৰ ৰজাৰ ঘৰত

যজ্ঞ ব্ৰাহ্মণবোৰে হাতে কাষে বস্তু লৈ যাব ধৰিছে। দেখিছো কিন্তু কি কৰিম৷ ডাইনাপালীঃ ওজা

কি কৰিব ৰজাৰ ঘৰত যায় ৰজাক আশীৰ্বাদ এটা দি

দক্ষিণা আনিব লাগে। ডাইনাপালীঃ ব্ৰাহ্মণ মোৰ পুৰা কপাল। মই আশীৰ্বাদ জানিলে ইয়াত বহি থাকোনে? ওজা

আপুনি ব্ৰাহ্মণ আপুনি এটা আশীৰ্বাদো নাজানে? বাৰু

বাদ দিয়ক, মই এটা বুদ্ধি দিও এই বুদ্ধিটো কৰি আপুনি যাওক। এই কাগজ কলম লওক। বাটত যাওতে যতে যি দেখে কাগজখনত লিখি লৈ যাব। ৰজাক দিবৰ সময়ত কাগজখন জাপি ৰজাৰ হাতত দি কব মহাৰাজ ব্ৰাহ্মণবিলাকে আপোনাক আশীৰ্বাদ দি দি গৈছি, আপোনাৰ কিবা মনত আছেনে? ডাইনাপালী ঃ ওজা

নাই ইমান ব্ৰাহ্মণৰ আশীৰ্বাদ কেনেকৈ মনত ৰাখিব। মোৰ আশীৰ্বাদ খিনি লিখি আনিছো আপুনি ৰাতি শুৱাৰ সময়ত পঢ়িব। ডাইনাপালী : অৱশ্যে বুদ্ধিটো বেয়া নহয়৷ বাৰু দিয়া কাগজ কলম। যি দেখে লিখি নিব। ওজা

ডাইনাপালীঃ অ সেইটো কি কিবা দেখো মাটি খান্দি আছে, লিখি লোৱাই ভাল। খাচাৰ খুচুৰ খান্দন্ত গাতা যায় থকা ভাল। হাহিৰ টোপোলা- ৩৪