পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মামাৰ তিৰী

ওজা : যুগৰ লগে লগে মাত কথাৰো পৰিৱৰ্ত্তন।
ডাইনাপালী : বাকী আকো নাই হা ওজা। কি দিন হ’ল। আমাৰ পিতাই
কৈছিল। পিতাহতে পিতাকক পিতা নুবুলিছিল।
ওজা : কি বুলিছিল তেনেহলে?
ডাইনাপালী : বাপা। চলিহাতে পিতাকক বুলিছিল বাপা
ওজা : আৰু বাপেকে
ডাইনাপালী : চলিক বুলিছিল আপা, ডাঙৰ আপা, সৰু আপা।
ওজা : তাৰ পিছত
ডাইনাপালী : স্বাধীন হবাৰ সময়ত বাপাটু মহাত্মা গান্ধী নি উকাৰ
দাল লাগে বাপু কৰিলে।
ওজা : তাৰ পিছত স্বাধীন হল।
ডাইনাপালী : বাপাটু গেল পিতা হ’ল। অসমত ভাষা আন্দোলন হ’ল
ভালেকেতা ডেকা ল’ৰা মৰিল। তেওঁলোকৰ কষ্টই কাম
দিলে। বৰ যত্ন কৰি তেওঁলোকে দেউতাটো আনিলে।
সুখী-দুখী সদাগৰ সকলোৱে দেউতা ব্যৱহাৰ কৰিলে।
ওজা : দেউতা চলিয়েই আছে।
ডাইনাপালী : ১৯৭৯/৮০ চনত বাপা গোটেই অসম জুৰি ইমুৰৰ পৰা
সিমুৰলৈ ছাত্ৰ আন্দোলন। দুখৰ বিষয় আঠশ পস্পন্নজন
ছাত্ৰ শ্বহীদ হ'ল।
ওজা : তুমি কান্দ কিয়।
ডাইনাপালী : নাকান্দিবা। ছয় বছৰ আন্দোলনত কিমান ল'ৰা-ছোৱালীৰ
জীৱন ধ্বংস হ’ল। তথাপি ৰাখিব নোৱাৰিলে শ্বহীদৰ
হাহিৰ টোপোলা- ৩১