পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ইচকুলত চলিও পঢ়ে, মাকো পঢ়ে।
ওজা : খানা খুৱাই নেকি? কি খানা খুৱাই?
ডাইনাপালী : কল, আপেল, চুজি, খিচাৰি, ভাল ভাল বস্তু।
ওজা : হেৰা ডাইনাপালী তুমি একো নাজানা? সেইখন
অঙ্গনবাদী স্কুল।
ডাইনাপালী : নহয় অঙ্গঘাটি।
ওজা : বুজি নোপোৱাকৈ কথা নকবা, অঙ্গনবাদী মানে শিশু
বিকাশ কেন্দ্ৰ।
ডাইনাপালী : নহয় শিশু বিনাশ কেন্দ্ৰ
ওজা : চৰকাৰে শিশু সকলৰ মঙ্গলৰ বাবে কিমান আচনি লৈছে?
ডাইনাপালী : চৰকাৰৰ দোষ নাই।
ওজা : কাৰ দোষ
অঙ্গনবাদী স্কুল।
ডাইনাপালী : মাষ্টৰৰ
ওজা : কি দোষ মাষ্টৰৰ
ডাইনাপালী : খোৱাতো শিকায়, ব্যৱহাৰটো নিশিকায়।
ওজা : সেইকাৰণে তুমি কৈছা?
ডাইনাপালী : অঙ্গঘাটি অৰ্থাৎ বৰ্ত্তমান ল'ৰা-ছোৱালীৰ মাজত
শিষ্টাচাৰৰ অপমৃত্যু হৈছে।
ওজা : অৱশ্যে কথাষাৰ তুমি ভুল কোৱা নাই৷ আজিকালি ল'ৰা-
ছোৱালীবোৰৰ ব্যৱহাৰ সচাকৈ দুখ লগা।
ডাইনাপালী : সেই কাৰণে কৈছো জীৱনত প্ৰয়োজনীয় এটা অঙ্গঘাটি
হোৱা বাবে অঙ্গঘাটি স্কুল।

***  ***  ***

হাহিৰ টোপোলা- ৩০