এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
| ইচকুলত চলিও পঢ়ে, মাকো পঢ়ে। | ||
| ওজা | : | খানা খুৱাই নেকি? কি খানা খুৱাই? |
| ডাইনাপালী | : | কল, আপেল, চুজি, খিচাৰি, ভাল ভাল বস্তু। |
| ওজা | : | হেৰা ডাইনাপালী তুমি একো নাজানা? সেইখন |
| অঙ্গনবাদী স্কুল। | ||
| ডাইনাপালী | : | নহয় অঙ্গঘাটি। |
| ওজা | : | বুজি নোপোৱাকৈ কথা নকবা, অঙ্গনবাদী মানে শিশু |
| বিকাশ কেন্দ্ৰ। | ||
| ডাইনাপালী | : | নহয় শিশু বিনাশ কেন্দ্ৰ |
| ওজা | : | চৰকাৰে শিশু সকলৰ মঙ্গলৰ বাবে কিমান আচনি লৈছে? |
| ডাইনাপালী | : | চৰকাৰৰ দোষ নাই। |
| ওজা | : | কাৰ দোষ |
| অঙ্গনবাদী স্কুল। | ||
| ডাইনাপালী | : | মাষ্টৰৰ |
| ওজা | : | কি দোষ মাষ্টৰৰ |
| ডাইনাপালী | : | খোৱাতো শিকায়, ব্যৱহাৰটো নিশিকায়। |
| ওজা | : | সেইকাৰণে তুমি কৈছা? |
| ডাইনাপালী | : | অঙ্গঘাটি অৰ্থাৎ বৰ্ত্তমান ল'ৰা-ছোৱালীৰ মাজত |
| শিষ্টাচাৰৰ অপমৃত্যু হৈছে। | ||
| ওজা | : | অৱশ্যে কথাষাৰ তুমি ভুল কোৱা নাই৷ আজিকালি ল'ৰা- |
| ছোৱালীবোৰৰ ব্যৱহাৰ সচাকৈ দুখ লগা। | ||
| ডাইনাপালী | : | সেই কাৰণে কৈছো জীৱনত প্ৰয়োজনীয় এটা অঙ্গঘাটি |
| হোৱা বাবে অঙ্গঘাটি স্কুল। |
*** *** ***
হাহিৰ টোপোলা- ৩০