পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডাইনাপালী : আগত শুনিছিলো, চৰাই চানা পাৰে, ইতা গাখীৰেও
চানা পাৰা হ'ল।
ওজা : আপুনি হালুৱা নাখাই, পেৰা নাখাই, তেনেহলে কি
দিউ নহলে পুৰি দিউ নেকি?
ডাইনাপালী : কাক পুৰি দিয় হা।
ওজা : ওহ আপোনাক জুই দি পুৰি দিয়াৰ কথা মই কোৱা
নাই। আতাৰ পুৰিৰ কথা কৈছো।
ডাইনাপালী : বাৰু খোৱাতো পিছত যি হয় হ’ব। বৰ্ত্তমান গণনাখিনি শেষ
কৰো। আগতে লিখি লও মিলা নিমিলা, পিছত কম।
ওজা : বাৰু ভালকৈ গণনা কৰক।
ডাইনাপালী : মোৰ লিখা মেলা হৈছি, ইটা মিলা নিমিলা চাব। ল’ৰাটো
জন্মৰ সময়ত মাক ঘৰত নাই।
ওজা : কি আচৰিত কথা কয় হে আপুনি, মাক নহোৱাকৈ ল’ৰাৰ
জন্ম হ’ব? কি গণনা কৰে হে?
ডাইনাপালী : কানাতুতে আপুনি লাগেছি।
ওজা : মই কি কানা লাগালু।
ডাইনাপালী : মই সুধিলো আপুনি কিয় আহিল।
ওজা : মই কলো মোৰ এটা ল’ৰা হৈছে।
ডাইনাপালী : আপেনাৰ যদি ল’ৰা হ’ল, মাকৰ দৰকাৰ ক’ত হ’ল।
ওজা : বাৰু বাকীখিনি কওক। ল’ৰাটোৰ পৰম আয়ুস কেনেকুৱা?
ডাইনাপালী : অতি সুন্দৰ।
ওজা : বহুদিন বাচি থাকিব।

হাহিৰ টোপোলা- ২৮