পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডাইনাপালী : হালুৱা
ওজা : হয়।
ডাইনাপালী : আপোনালোকে চাহৰ লগত খাই। বুৰা হালোৱাৰ হাড়া
গিলা চববা পাৰেনে?
ওজা : কি হলোৱাৰ কথা কৈছে আপুনি?
ডাইনাপালী : বুৰা হালোৱা।
ওজা : ছি আপুনি ব্ৰাহ্মণ মানুহ হৈ কি কথা বিলাক কৈছে?
ডাইনাপালী : আপুনিয়ে কৈছে?
ওজা : মই হালুৱা মিঠাইৰ কথা কৈছো।
ডাইনাপালী : দেখাও নাই, খও নাই।
ওজা : ভাল মিঠাই বনাব লাগে, গাখীৰ, চেনি, চুজি।
ডাইনাপালী : অ’ ইতাহে পাইছো বুজি। হলিও নাখাও, নামটু বামুনে
: খ নহয়।
ওজা : তেনেহলে দোকানৰ পৰা আনিব দিও। এ ভাইটী
দোকানৰ পৰা তিনিটামান পেৰা লৈ আহ।
ডাইনাপালী : কি কৈৰবা।
ওজা : আপোনাক খাব দিম।
ডাইনাপালী : শিং কিমান দীঘল হৈছি।
ওজা : এই চানাৰ পেৰা।
ডাইনাপালী : পেৰা চানাৰ পেৰাটো ডাঙাৰ হৱে।
ওজা : হেৰি আপুনি বৰ ভোদা মানুহহে। এই গাড়ী টনা মহৰ
পেৰা নহয়। এইটো গাখীৰৰ চানা।

হাহিৰ টোপোলা-২৭