এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
| ডাইনাপালী | : কপালত দীৰ্ঘ ফোটা, পাচৰ দেখি লেঙটিটু গোটা, দৈ চিৰা ভক্ষণ, এতু ভাল বামুনৰ লক্ষণ। |
| ওজা | : তুমি যি কলা লেঙটিটো গোটা |
| ডাইনাপালী | : অ’ হাতে বজাৰে বামুন চিনি পাবা তুমি লেঙটিতে। বামুনে লেভটি পাকে মাৰে আৰু বামুন তাতে চিনি পাবা। |
| ওজা | : আচ্চা ডাইনাপালী এটা বস্তু তুমি লক্ষ্য কৈছা না। ব্ৰাহ্মণ বিলাকে প্ৰেচাব কৰিব ধৰিলে পিচৰ ফালে লেঙটিটোত ধৰে কাৰণ কি হা। |
| ডাইনাপালী | : বাখনা বৈয়া, আচলটুতে ধৈছা। বাৰু ওজা তুমি জানানা, জগতত কিছুমান টান বস্তু, কিছুমান ঢিলা বস্তু আছে। |
| ওজা | : আছে। |
| ডাইনাপালী | : যেনে টানৰ টান মদাৰ গছৰ পান উজনিমুৱা জান সুৰুজ মুখে হাঠান সকলোতকৈ টান কাৱৈ মাছ বাচান একেটা কথা বৰ টান॥ |
| ওজা | : আৰু ঢিলা বস্তু। |
| ডাইনাপালী | : ঢিলৰ ঢিল নাৰায়ণ পূজাৰ ভোগ, টল টল কে গিল। |
| ওজা | : কি ক’ব ধৰিলা মই সুধিলো ব্ৰাহ্মণে প্ৰেচাব কৰিব ধৰিলে কিয় লেঙটিত ধৰে আৰু তুমি কোৰ পূজাৰ ভোগৰ কথা ক’ব ধৰিছা। |
| ডাইনাপালী | : এইটো ৰেফাৰেঞ্চ দিয়া হৈছে। নাৰায়ণ পূজাৰ ভোগ জগতত সকলোত কৰি ঢিলা বস্তু। অলপ কাচা গুৰা, |
হাহিৰ টোপোলা- ১১