পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ চৰাচৰ জগতৰ গুৰুহে ঈশ্বৰ ডাইনাপালীঃ অ’ ওজা

কি অ’ একো মাত নাই দেখো ডাইনাপালীঃ গুৰু ওজা

কি হ’ল গুৰু গুৰুৰ বিষয় নাজানা ডাইনাপালীঃ তোমাত কৰি বেছি জানো ওজা

বাঃ মোক কৈ বেছি জানা? বাৰু তেনেহ'লে তুমি

কোৱাচোন, আমাৰ মানে শূদ্ৰৰ গুৰু কোন? ব্ৰাহ্মণ ডাইনাপালীঃ ওজা

ঠিকে কৈছো শূদ্ৰৰ গুৰু ব্ৰাহ্মণ, ব্ৰাহ্মণৰ গুৰু জানানা? জানু, ব্ৰাহ্মণৰ গুৰু অগ্নি। ডাইনাপালী : ওজা

সচা ব্ৰাহ্মণৰ গুৰু অগ্নি। সেই কাৰণে আগৰ দিনত ব্ৰাহ্মণৰ মুখেদি জুই ওলাইছিল। ডাইনাপালীঃ সেই কাৰণে ব্ৰাহ্মণৰ তিৰি দেচলাই নিকনে। ওজা ঃ জুই ক’ত পাই৷ ডাইনাপালী : চাতিখোৰ ব্ৰাহ্মণৰ মুখৰ কাষত নিলে ভোতকৈ জ্বলি যায়। এটা কথা হা ওজা। তুমি ক কথাতু সত্য দে, ব্ৰাহ্মণৰ মুখেদি জুই অলতু হৈ। জুইকুৰা গতাই নুমনাই হা ইতাও। ঠাণ্ডাৰ দিনত ব্ৰাহ্মণৰ মুখেদি ধহ অলোই হা, জুই কুৰা উমি উমি জ্বলি আছে হান পাও। ওজা

সেইবিলাক বাদ দিয়া। গুৰুৰ কথাক লাগি আহা,

হাহিৰ টোপোলা- ৮