পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পাৰি আনি কৰোহো নিৰ্জল

 দা কতাৰি ধৰি

 টুকুৰা টুকুৰি কৰি

 জীৱে খাই পাওঁক পৰিত্ৰাণ।

ওজা : এই নাৰিকল খ ঘোষা। হেৰা এই ঘোষা কোনে লিখিছিল জানা?

ডাইনাপালী : কিয় নাজানিম

ওজা : কোনে লিখিছিল৷

ডাইনাপালী : আমাৰ কাকাই।

ওজা : হেৰা অসম্ভৱ কথাবিলাক সমাজৰ মাজত ক’ব নালাগে।

ডাইনাপালী : মই একো অসম্ভৱ কোৱা নাই৷

ওজা : নাজানিলে সুধিব লাগে। ঘোষা শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখিছে।

ডাইনাপালী : মাধৱদেৱ মোৰ কাকা হয়।

ওজা : আগৰ দিনত ডাঙৰ ভাইক কাকা বুলিছিল।

ডাইনাপালী : ময়ো সেই কাৰণে কাকা বুলিছো।

ওজা: মাধৱদেৱ তোমাৰ ডাঙৰ ভা।

ডাইনাপালী : সেই কাৰণেতো।

ওজা : কেনেকৈ? কি সম্বন্ধ, বুজাই কোৱা।

ডাইনাপালী : শ্ৰীমন্ত শঙ্কৰদেৱ জগতৰ গুৰু।

হাহিৰ টোপোলা- ১৩১