ওজা ৰজা আহিলে। ডাইনাপালী ঃ যি কবা লাগে মই কম। আপুনি মনে মনে থাইকবো। ওজ : অ’মধু আছা। ডাইনাপালী : আহক মহাৰাজ, আমাৰ কি ভাগ্য মহাৰাজ, আজি আমাৰ ভঙা পজাত বহিবলৈ কি দিম। ওজা : নাই নাই নবহো মধু কত? ডাইনাপালী : আছে লাজতে ওলাই অহা নাই। কথাতো কি মোক কক। ওজা মোৰ যজ্ঞৰ কাৰণে পাচপোৱা হাইলা গৰুৰ ঘিউ আনি দিয়া কথা আছিল। ডাইনাপালী ঃ হয় মহাৰাজ কথাটো মোক কৈইছিল। কিন্তু কি কৰিব আপোনাৰ পৰা আহাৰ পিছতে তেওঁৰ মাহেকীয়া হৈছে। ওজা : তুমি কি আচৰিত কথা কৈছা। ডাইনাপালী ঃ নহয়, মহাৰাজ বিশ্বাস কৰা নাই যদি সেইয়া বাৰাণ্ডাত চাওক। ওজা : তুমি কি আচৰিত কথা কৈছো, মতা মানুহৰ মাহেকীয়া হোৱা কথা কত শুনিছা? ডাইনাপালী : মহাৰাজ, যদি মতা মানুহৰ মাহেকীয়া নহয়, হাইলা ওজা
গৰুৰ পোৱালী বা গাখীৰ দিয়া কেতিয়াবা শুইনছিনা। তুমি সাধাৰণ তিৰোতা হৈ মোক বহুত কথা কৈছা। ডাইনাপালী ঃ পৰৰ তিৰোতাক মাতৃ জ্ঞান কৰিব নজনা ৰজা হলেও ঘৃণাৰ পাত্ৰ॥
- *** ***
হাহিৰ টোপোলা- ১০৮