পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাহিৰ
 টোপোলা...

ওজা : দেৱ দেৱ মহাদেৱ নীলাগ্ৰীব জটাধাৰ
বাত বৃষ্টি হৰং দেৱ
ডাইনাপালী : বোম ভলাই নমঃ নমঃ
ওজা : নহয় তোমাৰ ভুল হ’ল, বোম ভলা নহয় শঙ্কৰাৱৈ নমঃ নমঃ
ডাইনাপালী : তোমাৰ মতে নহ’ব বোম ভলাই নমঃ নমঃ
ওজা : বোম ভলাৰ একো অৰ্থ নাই
ডাইনাপালী : অৰ্থ নাই যদি বনাই দিম। সেইবুলি ধিলে নেদাও। কাৰণ মদ্দা কা বাত হাতী কা দাত। যদি হাতীৰ দাত ওলাই আহে দহটা চেঙৰাই হাটুৰী দি কুবালেও ভিতৰক নাজে আৰু যদি অলে নাহে দহটা চেঙৰাই টানি আইনবা নৰে হাই।
ওজা : পণ্ডিত হিন্দি নাজানা যদি কৈছা কিয়?
ডাইনাপালী : আমাৰ গাওঁৰ হিন্দী সেনাইয়ে।
ওজা বোম ভলাৰ তুমি অৰ্থ কৰি দিব লাগিব।
ডাইনাপালী : দেউদা, আটচা ওজা তুমি ভাঙুৰী সমাজ দেখা পাইছ?

হাহিৰ টোপোলা-১