কৰি লৰালৰিকৈ খান্তি মোনাটো কান্ধত লৈ বেগাই যাবলৈ ধৰিলে। পেটৰ ভোক পেটতে নাইকিয়া হল, পিঠাত যে বিহ আছিল, তাকো জানিবলৈ বুঢ়াৰ বাকী নাথাকিল। বুঢ়াই নানা চিন্তা কৰি ভালেখিনি বাট গল। এনেতে সিফালৰপৰা চাৰি পাঁচজনমান মানুহ হাতত টাঙোন লৈ আহি বুঢ়াক লগ পাই বিচূৰ্ত্তি খাই সুধিলে “বুঢ়া এই বাটেদি তই অকলে কেনেকৈ আহিলি? বাটত এটা দঁতাল হাতী লগ নাপালিনে? মানুহে ভয়তে এইটো বাট এৰিছে। আমি ইমানবোৰ মানুহ লগ হৈ হে আহিছেঁ৷। তথাপি বৰ ভয় লাগিছে।” বুঢ়াই গহিনাই মাত লগালে “ভয় কৰিবিতো তহঁতৰ নিচিনা নাৰ বুকীয়া মানুহে হাতীহে নালাগে এটা শিয়াল দেখিলেও লৰ মাৰিবি। মইতো তহঁতৰ নিচিনা ভয়াতুৰ নহওঁ।
অলপ গলেই দেখিবি বৰ দঁতালৰ দাঁতত ধৰি একে থেকেচাই মাৰি থৈ আহিছো। মানুহ কেইটাই বুঢ়াৰ কথাত বিশ্বাস নকৰি মিছা কথীয়া লাঠুৱা বুলি ভাবি আটাই কেইটাই বুঢ়াক ধৰি নি সেই দেশৰ ৰজাৰ আগত দিলেগৈ, আৰু সি কোৱা কথাখিনি ৰজাক জনালে। সি ৰজাৰ আগতো হাতী মৰাৰ কথাটো আগৰ দৰেই কলে। ৰজাই বুঢ়াৰ লগত কিছুমান মানুহ দি কথাটোৰ প্ৰমাণ লবলৈ পঠিয়াই দিলে; আৰু কলে “বুজিছ বুঢ়া, সঁচা হলে পুৰস্কাৰ পাবি আৰু মিছা হলে বৰশীত