ঢুকাল। তেতিয়া হজুৱা সৰু ভায়েকটোক খোৱা বস্তু বিচাৰি গাৱঁলৈ পঠালে। বপুৰাই দিনৰ দিনটো ঘূৰিপকি কতো চাউল একঠাকে নাপালে। গধূলি পৰত এজন ভদ্ৰলোকৰ ঘৰত এডোখৰ খৰি ফালি দি কোনো মতে চাউল একঠা পাই তাকেই লৈ গল। তাৰ পিচ দিনা তাৰ পৰা নাও ওভোটাই কেইদিন মানৰ মূৰত ঘৰ পালেহি আৰু যেয়ে যি পাইছিল তাক নিজে নিজে তুলি লৈ ঘৰলৈ যাবলৈ কথকীয়ে কোৱাত বহুৱাই কলে, ককাইদেউ! আপোনালোকৰ ধনৰহে মই ভাৰ লব লাগিব। মোৰ আৰ্জ্জনতো একোৱেই নাই”। কথকীয়ে কলে “আমি পোৱা ধন আমাৰ ঘৈণীহঁতক দিম গৈ, তুমি পোৱা ধন তোমাৰ ঘৈণীয়েৰালৈ লোৱা।” তেওঁলোক দুজনে নিজ নিজ ধন নি ঘৈণীয়েকহঁতক দিলে। বনুৱাই সুদা হাতে ওলালগৈ। সেই দিনাৰ পৰাই হজুৱা-হজুৱানীয়ে বেলেগে খোৱাৰ চেষ্টা এৰি পেলালে। বুদ্ধিহীনে বহুত পৰিশ্ৰম কৰিও যি উপাৰ্জ্জন কৰিব নোৱাৰে, বুদ্ধিমানে দুখ নকৰাকৈ বুদ্ধিৰ বলত তাতোকৈ বেচি উপাৰ্জ্জন কৰিব পাৰে।
(পৰৰ কথা শুনি বুদ্ধিমানৰ আশ্ৰয় এৰা অনুচিত )
⸺✷সামৰণি✷⸺