সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২)

কৈ ওলাইছে। আৰু বুঢ়ীক ভয় দেখুৱাই গোঁজৰি গোঁজৰি কৈছে। “বেটী কুকুৰৰ জীয়েক আজিৰ পৰা সুখেৰে খা বাপেকে।” এনেতে বুঢ়ীয়ে চকুৰ-পানী মুচি মুচি অতি শঙ্কিত চিতেৰে পিঠা তিনটা মোনাত ভৰাই দি কান্দি কান্দি কলে, “যাওক আমাৰ গতি যি হয় হওক তথাপি নিজৰেই সুখ হওক।” উলটি যেন আমাৰ মুখ দেখা নাপাওক।” এনেতে বুঢ়াই আৰু কিবা দিয়ে বুলি খঙেৰে মোনাটো আজোৰ মাৰি কাঢ়ি নিলে আৰু লৰালৰিকৈ কাষলতিৰ চেপত আঁৰি ললে। তাৰ পিচত একে ভমকে লাখুটি এডাল হাতত লৈ “কোনকিটা বাপেৰেনো খুৱাই, সুখেৰে খাই থাক” বুলি কৈ জাৰা বেত যোৱা দি ভোঁ-ভোঁৱাই যাবলৈ ধৰিলে।

 আনফালে যদিও বুঢ়ীয়ে কিলৰ বেজাৰত পিঠাত বিহ দি বুঢ়াক মাৰিবৰ উপায় কৰিছিল, তথাপি এতিয়া বুঢ়ীৰ মনত বৰ খেদ আহিবলৈ ধৰিলে। ভৰিয়ে হাতে ধৰি বুঢ়াক ফিৰাই আনোগৈ বুলি কিছুমান বাট লৰি গল আৰু পিচফালৰ পৰা পাৰেমানে বুঢ়াক কাকূতি কৰি মাতিবলৈ ধৰিলে, কিন্তু বুঢ়াই বুঢ়ীক অভিমান দেখুৱাই দুগুণে বেগাই যাবলৈহে ধৰিলে। বুঢ়ী বেছেৰীয়ে নিজৰ কুবুদ্ধিৰ কথা মনত ভাবি কান্দিবলৈ ধৰিলে। লাজত পৰি কাৰো আগত কথাটো প্ৰকাশ নকৰিলে। ঈশ্বৰক মনে মনে মিনতি কৰি কলে “হে দয়াময় পাপীনীৰ