সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৮)

মন্ত্ৰীৰ বাপেক পুতেক আহি নঙলা মুখত গলখেকাৰি মাৰিলে। ৰজাৰ চুলিৰ আগে জীৱ উৰিল। ছোৱালী জনীয়ে মাত লগাই কলে “ৰাতিৰ মানুহ ঘপ্‌কৰে ঘৰ সোমাব নাপায়। অলপ পৰ তাতে ৰৈ থাকক।” ৰজাক কলে “মহাৰাজ! ম‍ই আগেয়ে কৈছিলোঁ নহয় পলম নকৰিব বুলি। ” ৰজাই লাজ আৰু ভয়ত বিচুৰ্ত্তি খাই “মোক ৰক্ষা কৰা বুলি ছোৱালীজনীৰ ভৰিত ধৰি দীঘল দি পৰিল।ছোৱালীজনীয়ে আগেয়ে ভিতৰ ফালে আলকাটাৰা আৰু তুলা লগাই থোৱা এটা বাকচৰ ঢাকনি দাঙি ৰজাৰ গাৰ কাপোৰ বোৰ লৰা লৰিকৈ সোলোকাই উলঙ্গ কৰি তাতে সোমাবলৈ কলে। ৰজাই তৎভৎ নেপাই তাকেই কৰিলে। কূটুনী বুঢ়ীকো ৰজাৰ দৰে উলঙ্গ কৰি তাতে সোমোৱাই কলে—“মানুহ টোপনি গলে আটাইকিটা গুচি যাম, এতিয়া ইয়াতে থাকা।” পূৰ্ব্বে শিকাই থোৱা মতে মন্ত্ৰীৰ ঘৰত “পহু দুটা ধৰ ঔ, পহু দুটা বান্ধ ঔ” ইত্যাদি প্ৰকাৰে পালি পহৰীয়াই হাই কৰিবলৈ ধৰিলে। ওচৰ চুবুৰীয়াই জানিলে যে, মন্ত্ৰীৰ বাপেক পুতেকে ভুচুং পহু ধৰি আনিছে। চাৰিওফালৰ পৰা আহি মানুহে ভৰি পৰিলহি আৰু ভুচুং পহু দেখুৱাবলৈ মন্ত্ৰীক বৰকৈ খাটিবলৈ ধৰিলে। মন্ত্ৰীয়ে কলে “মই ৰজাৰ আদেশ মতে এজোৰা পহু অতি কষ্ট কৰি ধৰি আনিছোঁ। এই ৰাতিখন উলিয়ালে যদি লৰ মাৰে তহঁতে আমাৰ ডিঙি ৰাখিব পাৰিবি