সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫৬)

বেজী দিব নোৱাৰি সেই বিষয় নিমাত হল। ছোৱালী জনীয়ে ভাবিলে এই দুষ্ট ৰজাক ভাল দৰে ব্যৱহাৰ কৰিলে ই পিচ নেৰে। এতেকে ইয়াক ভাল দৰে এশিকনি দিয়াহে উচিত। ইয়াকে ভাবি কূটনী বুঢ়ীক কৈ পঠালে, ৰজাক কবাগৈ মই ৰজালৈ যাম; ৰজাই কালিলৈ মন্ত্ৰীৰ বাপেক পুতেক দুয়োকো ভুচুং পহু বিচাৰি আঁতৰাই পঠাওক। গধূলি ৰজা মোৰ ওচৰলৈ আহিব লাগিব। ইয়াতে খোৱা বোৱা কৰি দুয়ো যামগৈ। বুঢ়ীয়ে গৈ ৰজাক সেই কথা জনোৱা মাত্ৰেই ৰজাই যেন হাত মেলি স্বৰগ হে পালে। তেতিয়াই মন্ত্ৰীৰ বাপেক পুতেকক মতাই নি কলে, “মন্ত্ৰী! মই শুনিছো হাবিত হেনো ভুচুং নামে এবিধ পহু আছে। তোমালোক বাপ-পো দুয়ো কালিলৈ পুৱাই ওলাই যাবা আৰু সেই নামৰ পহু নোপোৱা মানে ৰাজ্যলৈ নাহিবা। সুদাহাতে আহিলে দুয়োৰো ডিঙিছেদ কৰিম। “দুয়ো কান্দি-কাতি ঘৰলৈ গৈ ছোৱালী জনীক জনালে। ছোৱালীয়ে আগৰ দৰে অভয় দি বুদ্ধি শিকাই দিলে। পিচ দিনা পুৱাই ৰজাৰ পৰা বিদায় লৈ দুয়ো যাত্ৰা কৰিলে। সেই দিনা দিনটো ৰজাৰ মনত নাযায় নুপুৱায় যেন লাগিল। বাৰে বাৰে বেলিটোলৈ চাই, সুবিধা পোৱা হলে সেই দিনাই বেলিৰ শেষ দশা ঘটালেহেঁতেন। গোটেই দিনটো কেনেকৈ আছে, কি কৰিছে, কি খাইছে তাক আৰু ৰজাই কব নোৱাৰে। যেন সজাত থকা পোহ নোলোৱা চৰাইহে। যেনে তেনে