সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫২)


“বন্ধু! তোমাক ঈশ্বৰে বহুত ধন দিছে, মোৰ ঘৰখন তোমাৰ বুদ্ধিতেই ভাঙ্গিল।—

 এতিয়া সৰল চিতেৰে মই কৈছো মোক এজনী মানুহ ঘটিবৰ জোখাৰে কিছুমান ধন ধাৰলৈ দিয়া, ঈশ্বৰে জীৱন ৰাখিলে তোমাৰ ধাৰ নাখাওঁ”। মনায়ে কাণে কাণে ফুচ্‌ফুচাই কলে “বন্ধু! বৰকৈ নকবা। তিৰোতাজনীয়ে নজনাকৈ মই মনে মনে দিম।” এই বুলি কৈ তাক তেতিয়াই যাবলৈ বিদায় দিলে আৰু কাণে কাণে কলে “ৰাতি অকলে আহিবা। মই মোনাত ভৰাই থিক কৰি থৈ বেৰ সৰকাই দিম। মাথোন লৈয়েই ল’ৰ দিবা।”

 এইবাৰ কথাটো সি সঁচা যেন ভাবিলে। মনায়ে পিচফালে এখন বেৰৰ তলেদি বাহিৰ ফালৰ পৰা গোটেইখন হাত সোমাই যোৱা এটা বেঁকা গাঁত খানি মানুহটো বহি হাতখন সুমুৱাই দিলেই মুখখন বেৰখনৰ যিঠাইত লাগিব সেই খিনিতে কোনোমতে মূৰটো সোমোৱাকৈ এটা বিন্ধা কাটি থলে। গাঁতটোৰ ভিতৰফালে কোনোমতে হাতেৰে ঢুকি পোৱাকৈ এডোখৰ ফটাকানিৰ মূৰ এটা উলিয়াই আন মূৰটো খুন্দি খুন্দি পুতি ৰাখিলে। বেছেৰা ধনাই এইবাৰ ফান্দত পৰিল। সি মনাইৰ কথামতে আহি ৰাতি তাক গোপনে দেখা কৰিলে। মনায়ে মনে মনে নি গাঁতত হাত সোমোৱাই ধনৰ মোনা টানি নিবলৈ