সমললৈ যাওক

পৃষ্ঠা:হাঁহিৰ জাউৰী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৭)


কৰে ঘা এটা মাৰি তেজেৰে ৰাঙলী হৈ ওলাই আহিল। ধনাই বিচূৰ্ত্তি হল আৰু "বন্ধু! কি কৰিলে বুলি কঁপিবলৈ ধৰিলে।” মনায়ে গহিনাই মাত লগালে “বন্ধু! ভয় নাই দুষ্ট তিৰোতাৰ এয়ে পৰম ঔষধ।” কিছু সময়ৰ পিচত মনাইৰ ঘৈণীয়েকে তেজৰ কাপোৰবোৰ বাহিৰত থৈ লৰালৰিকৈ গা ধুলে আৰু জা-জলপান সজাই বঁটাত তামোল পান আনি দুই বন্ধুক সেৱা জনাই জলপান খাবলৈ অনুৰোধ কৰিলে। দুয়ো ৰংমনে জলপান খালে আৰু অলপ পিচতে নানা তৰকাৰীৰে ভাতো খাবলৈ দিলে। ধনাইয়ে সুধিলে "বন্ধু! মই আপোনাৰ কাণ্ডটো একো নুবুজিলোঁ।” মনায়ে কলে “বন্ধু! মোৰ এই লাঠুৱা তিৰোতাজনী এই দা খনেৰেহে বশ কৰি আছোঁ। এই দাখনৰ এনে গুণ ইয়াৰে দুই খণ্ড কৰি কাটিলেও মানুহ নমৰে তৎক্ষণাত জোৰা লাগি ভাল হয়।” ধনাইৰ ঘৈণীয়েক জনী বৰ লাঠুৱা সেইবাবে ধনায়ে দাখন নিবলৈ অনুৰোধ কৰিলে। মনায়ে প্ৰথমে মান্তি নহৈছিল, বৰকৈ ধৰাত দাখন দিলে। সি ৰং মনে দা লৈ ঘৰলৈ গল।

 ঘৈণীয়েকে আগৰ দৰে অনাদৰ কৰাত একে কোবেই দোচেও কৰি বাহিৰত বহি থাকি মনে মনে ভাবিছে— তাই ওলাই আহি সেৱা সৎকাৰ কৰি আগবঢ়াই নিব। বহুত পৰলৈ বাট চাই দেখে কথাটো সম্পূৰ্ণ মিছা। তেতিয়া কাকো